Breaking

জামুগুৰিহাটত শিল্পীৰ ক’ৰ’ণা সজাগতাৰ ওপৰত ব্যতিক্ৰমী পদক্ষেপ : ক’ৰ’ণাক লৈ কল্প কাহিনীৰে ভাওনা

0 90

জামুগুৰিহাট

তলাবন্ধৰ  মাজতে নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেদি জনসাধাৰণৰ মাজত ক’ৰ’ণা ভাইৰাছৰ সজাগতা আনিবৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ এচাম শিল্পী৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইজনমান শিল্পীয়ে স্বৰ্গৰ এক কল্প কাহিনীৰে ক’ৰ’ণা সংক্ৰমণৰ পৰা ৰোধ কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে হাস্যমধুৰ এখন চুটি ছবি নিৰ্মাণ কৰিছে৷ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টোত ক’ৰ’ণাক দানৱৰ চৰিত্ৰ ৰূপত দেখুওৱা হৈছে৷ দানৱৰূপী ক’ৰ’ণাক লৈ স্বৰ্গত ক’ৰ’ণাসুৰ নামেৰে প্ৰস্তুত কৰা ভিডিঅ’টোত দেৱ সমাজৰ মাজত ইয়াক লৈ হোৱা চৰ্চা আৰু আতংকৰ দৃশ্য পৰিৱেশন কৰা হৈছে৷ মৰ্ত্তৰ জনগনে ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে কি কি উপায় ল’ব লাগিব ভিডিঅ’টোত তাৰো দৃশ্যায়ন ঘটিছে৷ ভগৱান শিৱই যিখন গংগাক শিৰত লৈ ফুৰে সেই গংগাৰ পানী অপবিত্ৰ কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ মৰ্ত্তৰ জনগণক আহ্বান জনাইছে৷ পাৰিপাশ্বিকৰ্তা, প্ৰকৃতি ধংস, মানুহে নিজকে দেৱতা বুলি ভাৱিবলৈ লোৱা কথা বিলাকো শিৱৰ মুখেদি ভিডিঅ’টোত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে৷ শৈলেন বৰকটকীৰ কাহিনী, চিত্ৰ নাট্য আৰু পৰিকল্পনাৰে  প্ৰস্তুত কৰা ভিডিঅ’টোৰ পৰিচালনা মানস বৰাৰ৷ ইতিমধ্যে ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত যথেষ্ট সমাদৰ লাভ কৰিছে৷

Leave A Reply