Breaking

লামডিং কালিবাড়ীত শাৰদীয় দূৰ্গা পূজাক লৈ লামডিং পুৰহিত সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক

0 2,086

 সমাগত শাৰদীয় দূৰ্গা পূজা কিন্ত এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া কৰোণা প্ৰটোকলৰ সকলো নীতি নিয়ম মানি অনুস্থিত হ’ব শাৰদীয় দূৰ্গা পূজা৷ লামডিং কালিবাডী মন্দিৰৰ ভিতৰত লামডিংৰ দূর্গা পূজাৰ আয়োজক লৈ লামডিং পুৰহিত কমিটিৰ সকলো সদস্যই একত্ৰিত হৈ  এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে ৷ সভাৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য বিভাগে দিয়া কভিট প্ৰটকল অনুসৰি এই বাৰ শাৰদীয় দুৰ্গা পূজাত কেৱল পেকেট হিচাবেহে  প্ৰসাদ বিতৰণ কৰিব পাৰিব ৷ এই বাৰ পূজাত সকলো ৰাইজৰ মন বেয়া হৈছে যদিও ৰাইজৰ স্বাস্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দিয়া সকলো নীতি নিয়ম মানি চলিব বুলি মন্তব্য কৰে লামডিংৰ পুৰহিত সমিতিৰ সদস্য সকলে। সকলো পুৰহিতে কভিড ভেকচিন লব লাগিব ৷ কভিড ১৯ সকলো নিয়ম নীতি মানিহে মা দূৰ্গা পূজা কৰিব পাৰিব পুৰহিত সকলে ৷ শাৰদীয় দুৰ্গা পূজা মহোৎসৱ  ক’ভিড প্ৰট’কল ৰক্ষা কৰি জিলা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে  অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হব। সেই অনুসৰি অহা ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ দুৰ্গা পূজা এইবাৰ সকলো জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হব। লামডিং পুৰহিত সমিতিয়ে এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰি কয় যে এইবাৰ ক’ভিড বিধি অনুসৰি দুৰ্গা পূজা স্থলীত কোনোধৰণৰ দোকান পোহাৰ নথকাৰ লগতে অনুষ্ঠিত নহ’ব কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান। ক’ভিড বিধি ৰক্ষা কৰি অনুষ্ঠিত হব লগা দুৰ্গপূাজাৰ স্থলীত সামাজিক দূৰত্ব, মাক্স পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে দূৰ্গা পূজা পালন কৰা হব। আনকি পূজা স্থলীত ব্যৱহাৰ নহ’ব মাইক আদিও।  লামডিং পুৰহিত সমিতিয়ে পুজাৰ কাৰ্য্যসূচী সমুহত ৰাইজৰ সক্ৰিয় সহায় সহযোগ কামনা কৰি পূজা স্হলীলৈ ৰাইজক মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে পূজা স্থলীত সেনেটাইজাৰ , মাস্ক, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। লামডিং পুৰহিত সমিতিৰ  সম্পাদক বিপ্লৱ চক্ৰবৰ্ওী,  সহ সম্পাদক শিব প্ৰসাদ চক্ৰবৰ্ওী আৰু শাদন ভট্টাচাৰ্য, উপ-সভাপতি শবুদ চক্ৰবৰ্ওী,কাৰ্য্যকৰী সদস্য বিশ্বজিত চক্ৰবৰ্ওী, ৰমা প্ৰসাদ চক্ৰবৰ্ওী, খোকন চক্ৰবৰ্ওী উপস্থিত থাকি সাংবাদিকৰ কেমেৰাৰ আগত লামডিংৰ পুৰহিত কমিটিৰ সদস্য সকলে বহুতো গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ৷

Leave A Reply