Breaking

বিশ্বকাপ শেষ হোৱাৰ পাছতে ইউটিউবাৰ স্বতী আস্থানৰ সৈতে বিবাহত বহিল এজন ভাৰতীয় ক্ৰিকেটাৰ

0 131

এগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিয়া । বৃহস্পতিবাৰে নিশা তেওঁ ইনষ্টাগ্ৰামত এটা পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে । নৱদীপ ছাইনীয়ে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকাক বিয়া কৰিলে । দীৰ্ঘদিনীয়া প্ৰেমিকা স্বতী আস্থানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নৱদীপ ।

২০১৯ চনত ভাৰতৰ হৈ অভিষেক ঘটোৱা সত্ত্বেও নৱদীপক শেহতীয়াকৈ কোনো দলেই আমন্ত্ৰণ জনোৱা নাই । তেওঁৰ পত্নী স্বতী পেছাত এগৰাকী ‘ভ্লগাৰ’ অৰ্থাৎ ভিডিঅ’ৰ জৰিয়তে ব্লগ বনায় । ফেশ্বন, ভ্ৰমণ আৰু জীৱনশৈলীৰ বিষয়ে তেওঁ ব্লগ নিৰ্মাণ কৰে ।

তেওঁৰ এটা ইউটিউব চেনেল আছে । তাত তেওঁ নিয়মিতভাৱে ভিডিঅ’ পোষ্ট কৰে । ইয়াৰ উপৰি তেওঁ বিভিন্ন সময়ত ইনষ্টাগ্ৰামত ভিডিঅ’ আৰু ছবিও পোষ্ট কৰে । কিছুদিন পূৰ্বে নৱদীপে ছৈয়দ মুস্তাক আলী ট্ৰফীত খেলিছিল । ছেমি ফাইনেলত তেওঁৰ দল দিল্লী পঞ্জাৱৰ হাতত পৰাস্ত হয় ।

সেই মেচত তিনি অভাৰত ৩২ ৰাণ ব্যয় কৰে ছাইনীয়ে । সমগ্ৰ প্ৰতিযোগিতাখনৰ সাতখন খেলত তেওঁ মাত্ৰ ৪ টা উইকেটহে লাভ কৰে । ইৰাণী কাপত অৱশিষ্ট ভাৰতীয় দলৰ হৈ খেলিছে তেওঁ ।

Leave A Reply