Breaking

বৰপেটাত আটক এজন সুৰা ব্যৱসায়ী

0 1,019

আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা।  এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত হোৱা বৰপেটা চহৰ   সুৰামুক্ত কৰা এক ডাঙৰ সংকল্প  হৈ পৰিছে বৰপেটা আৰক্ষীৰ ।ড্ৰাগছৰ পিছত এইবাৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত  ৰাখিছে বৰপেটা আৰক্ষীয়ে।বিশেষ সূত্ৰৰ খবৰ লাভ কৰি এই অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ দেশী-বিদেশী  সুৰা। আৰক্ষী সূত্ৰই জানিব দিয়া মতে বৰপেটাৰ গান্ধীনগৰত ভদ্ৰেশ্বৰ দাসে  বিক্ৰীৰ বাবে লৈ আনিছিল এই বৃহৎ পৰিমাণৰ সুৰা । দিৰ্ঘ্যদিন ধৰি  সুৰা ব্যৱসায় চলাই গৈছিল ভদ্ৰেশ্বৰ দাসে ।এই সংক্ৰান্তত ব্যৱসায়ী জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰে আৰক্ষীয়ে।

Leave A Reply