Breaking

ওদালগুৰিৰ তিনি দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আনফৰ নেতৃত্বাধীন জমিয়তৰ

0 1,519

 বিশিষ্ট আগৰ ব্যৱহায়ী তথা জমিয়ত উলামা-ই-হিন্দৰ অসম ৰাজ্যিক সভাপতি মৌলানা মুস্তাক আনফৰৰ মহানুভৱতা ।জটিল ৰোগত আক্ৰান্ত তিনি পৰিয়ালক আগবঢ়ালে আৰ্থিক সাহাৰ্য্য । ওদালগুৰি জিলাৰ মেধীপাৰা আৰু ৰাণীপুখুৰী গাঁৱৰ মোজাফৰ আলী,ৰহিম বাদশ্বাহ আৰু হজৰত আলী নামৰ এই তিনি গৰাকী লোক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সহ্যাগত অৱস্থাত পৰি আছিল । দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ লোক কেইজনক পৰ্যাপ্ত চিকিৎসা কৰাব নোৱাৰাৰ লগতে পৰিয়াল পোহপাল দিবলৈও অসমৰ্থ হৈ পৰিছে ।এই কথা ওদালগুৰি জিলা জমিয়তৰ কোষাধক্ষ আছাদুল্লাহ আলীয়ে মৌলানা মুস্তাক আনফৰক অৱগত কৰোৱাৰ লগে-লগে পৰিয়াল কেইটিক সকাহ দিবলৈ কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । মঙ্গলবাৰে জিলা জমিয়তৰ কোষাধক্ষ আছাদুল্লাহ আলীৰ নেতৃত্বত বকুলতলা আঞ্চলিক সমিতিৰ সজাতি দল এটাই পৰিয়াল তিনিটাৰ ঘৰত উপস্থিত হৈ সদ্যহতে ৰহিম বাদশ্বাহ ,হজৰত আলীক ৫ হাজাৰকৈ টকা আৰু মোজাফৰ আলীক ১০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে প্ৰয়োজনত পিছলৈ সহায্য আগবঢ়োৱাৰ কথা অৱগত কৰে ।দৰিদ্ৰ পৰিয়াল তিনিটাই সাহায্যখিনি পাই উৎফুল্লিত হৈ ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply