Breaking

ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলিছে অৰাজকতা

0 2,025

ওদালগুৰি জিলাৰ পূব প্ৰান্তত অৱস্থিত মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত ঠাই ওৰাং । এই ওৰাং অঞ্চলৰ কেইবাখনো গাঁওৰ ৰাইজৰ ভৰসা । প্ৰায়ে এই অঞ্চলৰ দুই লাখ ষাঠি হেজাৰৰ  একমাত্ৰ নিৰ্ভৰযোগ্য  স্বাস্থ্য কেন্দ্ৰটো হল-ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত স্বাস্থ্যৰ প্ৰতি আগৰ চৰকাৰৰ তুলনাত অধিক গুৰুত্ব প্ৰদান কৰি অহা সময়তে উক্ত ওৰাং চিকিৎসালয়ৰ কৰ্মৰত  চিকিৎস্যক ,চিকিৎসা বিষয়া  স্বাস্থ্য কৰ্মী সকলৰ সেৱাই  এই বৃহত্তৰ ওৰাং অঞ্চলৰ ৰাইজৰ লগতে সচেতন মহল , বিভিন্ন দল সংগঠনক আদি সকলোকে হতভম্ব কৰি তুলিছে ।উক্ত চিকিৎসালয়ৰ চিকিৎসক  ও বহু স্বাস্থ্য বিষয়া  কৰ্মী সকলে নিয়মীয়া উপস্থিত নোহোৱাৰ ফলত অঞ্চলৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । উক্ত অঞ্চলৰ ভুক্তভোগী ৰাইজে দিয়া অভিযোগ মৰ্মে চিকিৎসক ,নাৰ্ছ সকল সময় মতে আহি উপস্থিত হোৱাৰ পৰিবৰ্তে নিজ খেয়াল খুছি মতে কোনোবাই ১০ :৫০ কোনোবাই আকৌ ১১:২০ এনেকৈ নিজ ইচ্ছা অনুযায়ী চিকিৎসালয়ত প্ৰৱেশ কৰাত বহুতো ৰোগী আৰু ৰোগীৰ আত্মীয় সকলে নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । ওৰাং চিকিৎসালয়ত চিকিস্যক ,নাৰ্ছ সকলে দীৰ্ঘদিন ধৰি অৰাজকতা চলাই অহাৰ পিছতো উক্ত চিকিৎসালয়ৰ  পৰিচালনা কমিটিৰ নীৰৱ নিৰ্বিকাৰই  ভূমিকা লজ্জিত কৰিছে ওৰাং অঞ্চলৰ সচেতন মহলক ।

উল্লেখযোগ্য যে যোৱা কেইবাদিন আগতে উক্ত চিকিৎসালয়ত  উপস্থিত হৈ ওদালগুৰি জিলা উপায়ুক্ত গৰাকীয়েও দৈনিক চিকিৎসালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে  চিকিৎসালয়ৰ সকলো দিশতে  তীক্ষ্ণ নজৰ ৰাখিবলৈ আহ্বান জনোৱাৰ সত্বেও উক্ত চিকিৎসা লয়ত চলা চুড়ান্ত অৰাজকতাই বিভাগীয় কৰ্তৃপক্ষৰ আচল স্বৰূপ উদঙাই দিয়াৰ লগতে অকৰ্মন্য  পৰিচালনা কমিটিৰো আচল ৰূপ উদঙাই দিছে ।  সমগ্ৰ ওৰাং অঞ্চলৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰকো ওৰাং স্বাস্থ্য কেন্দ্ৰত চলি অহা অৰাজকতাৰ ওপৰত চকু দি সাধাৰণ ৰাইজৰ সমস্যা সমাধান কৰি দিয়াৰ পোষকতা কৰে ।লগতে চিকিৎসালয় খনৰ পৰিচালনা কমিটি নতুনকৈ গঠন কৰিবলৈ ওৰাং অঞ্চলৰ সচেতন মহলে দাবী জনায় । জানিবলৈ পোৱা মতে প্ৰায়ে ১৫ দিন মান আগত বিটিচি ইএম নিলোৎ স্বৰ্গীয়াৰীয়ে উক্ত ওৰাং চিকিৎসালয়ত উপস্থিত হৈ মুখ্য দ্বাৰ মুখত ৰাইজৰ ,ৰোগী সকলৰ অসুবিধা হোৱাকৈ পাৰ্কিং কৰা চিকিৎসক ৰাভাৰ বিলাসী গাড়ী তাত পাৰ্কিং কেতিয়াও নকৰিবলৈ কোৱাৰ পিছতো চিকিৎসা লয়ত প্ৰৱেশ কৰা মুখ্য দ্বাৰত ৰোগী সকলৰ অসুবিধা হোৱাকৈ বিলাসী গাড়ী খন  তলত ৰাখি আহিছে । যদিও  পৰিচালনা সমিতিৰ  গাফিলতি আদিৰ বাবে আজিলৈ ৰহস্য আৰু আশ্বৰ্যজনক ভাবে ৰোগী সকলৰ মুল প্ৰবেশ দ্বাৰত পাৰ্কিং কৰা গাড়ীখন আতৰোৱা নহল ৷মুঠতে এতিয়াও চিকিৎসালয়ত যাৰ যি মন যায়  সেই ধৰনে স্বৈৰাচাৰী শাসন চলি থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাৱিক ঘটনা হৈ পৰিছে ৷তৎস্বত্বেও সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহ সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নিন্দাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply