Breaking

খৈৰাবাৰীৰ বগৰিবাৰীত পশু স্বাস্থ্য শিৱিৰ

0 2,024

বিটিচি চৰকাৰৰ পশু পালন বিভাগৰ উদ্যোগত ওদালগুৰি জিলা খৈৰাবাৰী পশু চিকিৎসালয়ৰ সহযোগত বগৰিবাৰী নেৰ্চন  ব্ৰহ্ম পুঠিভৰালৰ সন্মুখত  সোমবাৰে এটি বিণামূলীয়া পশু স্বাস্থ্য শিৱিৰ আয়োজন কৰে ৷ উক্ত স্বাস্থ্য শিৱিৰত খৈৰাবাৰী পশু চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী ডা° অক্ষয় কুমাৰ ডেকা,ক্ষেত্ৰ সহায়ক ৰত্নেশ্বৰ পাটোৱাৰী,নীলমনি শইকীয়াৰ লগতে ৰমল নাৰ্জাৰী আৰু বাসুদেব নাৰ্জাৰীসহবগৰিবাৰী গাওঁ পৰিচালনা সমিতিৰ সভাপতি পংকজ স্বৰ্গিয়াৰীয়ে উক্ত শিৱিৰ পৰিচালনাত সহায় সহযোগ আগবঢ়ায় ৷অতি ভিতৰুৱা কৃষি প্ৰধান অঞ্চল ওদালগুৰি জিলা খৈৰাবাৰী বগৰিবাৰী গাওঁত বিটিচি চৰকাৰৰ সহযোগত বিনামূলীয়া পশু চিকিৎসা আৰু টিকাকৰণ কৰা বাবে ৰাইজ উপকৃত হ’ব বুলি ৰাইজে মতপ্ৰকাশ কৰে ৷

Leave A Reply