Breaking

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা : কি চিন্তাই আগুৰি ধৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ মাজত !

0 82

গুৱাহাটী

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শনিবাৰে ঘোষণা কৰে৷ এইবাৰ উত্তীৰ্ণৰ হ’ল ৬৪.৮০ শতাংশ। ইয়াৰে ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হ’ল ৬৬.৯৩ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬২.৯১ শতাংশ৷ এইবাৰ পৰীক্ষাত অৱৰ্তীন হৈছিল ৩ লাখ ৪২ হাজাৰ ২২৪ গৰাকী ছাত্ৰ-ছাত্ৰী৷ তাৰ ভিতৰত ২ লাখ ২১ হাজাৰ ৭৫৬ গৰাকী উত্তীৰ্ণ হয়৷ এই উত্তীৰ্ণসকলৰ ভিতৰত প্ৰথম বিভাগত ৪৮,২৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়। উল্লেখ যে ২০১৯ বর্ষত উৰ্ত্তীণৰ হাৰ আছিল ৬০.২৩ শতাংশ। তেতিয়া ৬২.৬৯ শতাংশ ছাত্ৰ আৰু ৫৭.৯৯ শতাংশ ছাত্ৰী উত্তীৰ্ণ হৈছিল৷ মন কৰিব লগা বিষয় যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীণৰ হাৰৰ শীৰ্ষত থাকে শিৱসাগৰ জিলা। সৰ্বমুঠ ৮৩.৯২ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উৰ্ত্তীণ হয় জিলাখনত৷ শিৱসাগৰ জিলাৰ পৰা মুঠ অৱৰ্তীন হৈছিল ১১,০২৩ গৰাকী ছাত্র-ছাত্ৰী৷ তাৰ ভিতৰত উৰ্ত্তীণ হয় ৯২৫১ গৰাকী ছাত্ৰ-ছাত্ৰী। জিলাখনত প্ৰথম বিভাগত ২৮৬০, দ্বিতীয় বিভাগত ৩৩৭৭ আৰু তৃতীয় বিভাগত ৩০১৪ গৰাকী ছাত্র-ছাত্ৰী উৰ্ত্তীণ হয়৷ ইয়াৰ বিপৰীতে ৪৪.২০ শতাংশ উৰ্ত্তীণ হাৰেৰে সৰ্বনিম্ন স্থানত অৱস্থান কৰে ধুবুৰী জিলাই। এইখন জিলাৰ পৰা অৱত্তীৰ্ণ হৈছিল মুঠ ১৮৮২৩ গৰাকী ছাত্র-ছাত্ৰী৷ ইয়াৰে ভিতৰত ৮৩১৯ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়৷ জিলাখনত প্ৰথম বিভাগত ১৭৭১, দ্বিতীয় বিভাগত ৩০২৫ আৰু তৃতীয় বিভাগ ৩৫২৩ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্ত্তীণ হয়৷ এয়া হ’ল এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ এক পৰিসংখ্যা৷ এতিয়া আলোচ্য বিষয়টো হ’ল এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছত নাই পূৰ্বৰ দৰে উল্লাস৷ যিহেতু পূৰ্বে ফলাফল ঘোষণা কৰাৰ পাছত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক লৈ এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয়৷ এইবাৰ সেই পৰিৱেশ সৃষ্টি হোৱা নাই৷ একমাত্ৰ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই পূৰ্বৰ পৰিৱেশ সৃষ্টি হোৱা নাই৷  আনহাতে এইবাৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ লগে লগে বহু মেধাবী ছাত্ৰ-ছাত্ৰীৰ মাজত আন এক কাৰণত উৎসাহ দেখিবলৈ পোৱা নাই৷ যিহেতু বহু ছাত্ৰ-ছাত্ৰীৰ মনত থাকে এটা সপোন৷ সেই সপোনটো হ’ল উচ্চ শিক্ষাৰ বাবে অসমৰ বাহিৰৰ ৰাজ্যৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ৷ কিন্তু এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে সেই আশা বাদ দিব লগা পৰিৱেশ সৃষ্টি হৈছে৷ কেৱল ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই তেওঁলোকে পুহি ৰখা সপোন বাস্তৱায়িত কৰিব নোৱাৰেগৈ৷ আনহাতে পিতৃ-মাতৃ আৰু অভিভাৱকে সন্তানক ৰাজ্যৰ বাহিৰলৈ শিক্ষা গ্ৰহণৰ বাবে পঠাবলৈ ইচ্ছা প্ৰকাশ নকৰে৷ উল্লেখ্য যে অসমতকৈ দেশৰ আন কেইবাখনো ৰাজ্যত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰি আছে৷ এনে অৱস্থাত ৰাজ্যৰ বাহিৰৰ শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰাৰ সপোন একমাত্ৰ মহামাৰীৰ বাবেই বাস্তৱায়িত কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীয়ে৷ ইপিনে, দেশত ক’ৰোনা সংক্ৰমণ হ্ৰাস পালেও নিজৰ সন্তানক কি ‘ৰিস্ক’লৈ আন ৰাজ্যলৈ শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰিব? এনে চিন্তাই আগুৰি ধৰিছে পিতৃ-মাতৃ আৰু অভিভাৱকৰ মাজত৷  এনে কাৰণত এইবাৰ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানত নামভৰ্তিৰ সময়ত ভীষণ প্ৰতিযোগিতা হোৱাটো স্বাভাৱিক হৈ পৰিব৷ ফলত তুলনামূলকভাৱে কম নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠানৰ অভাৱ আহি পৰাটো অস্বাভাৱিক নহয়৷ এই দিশতো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত চিন্তা আহি পৰিছে৷ মূলতঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বাবেই সকলো দিশৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত কেতবোৰ কাৰকে প্ৰৱল ক্ৰিয়া কৰাতো স্বাভাৱিক হৈ পৰা স্বাভাৱিক হৈ পৰিব৷

ফোন : ৮৪০৪০১০৯২২

মেইল আইডি : utpal.bhuyan10@gmail.com

Leave A Reply