পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ আন্দোলন ঘোষণা, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান

তিনিচুকীয়া : বিগত ২০০৯ চনৰ পৰাই গাঁও পঞ্চায়তত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নোহোৱাত বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে। অতি কম পৰিমাণৰ পাৰিতোষিকত জীৱন-জীৱিকালৈ ও সংকট আহিব ধৰা এইসকল গ্ৰামোন্নয়নৰ লগত জড়িত কৰ্মচাৰীয়ে দিনে-ৰাতিয়ে একাকাৰ কৰি কাম কৰি আহিছে। চৰকাৰৰ প্ৰতিটো উন্নয়নমূক কাম কৰি অহাৰ উপৰিও শেহতীয়াকৈ কভিড-১৯, বানপানী, অৰুনোদয় আঁচনি ইত্যাদি কাম কৰি আহিছে। চৰকাৰক অনুনয় বিনুনয় তথা বাৰম্বাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কোনো সঠিক ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইফালে বিভাগটোৰ মুৰব্বী মুখ্য সচিব জে বি এক্কাৰ সঞ্চালনাত ২০১৯ বৰ্ষৰ ১৪ অক্টোবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কায্যালয়ত দীৰ্ঘদিনীয়া দাবীৰ সন্দৰ্ভত এক আলোচনাও দ্বি-পাক্ষিকভাৱে হৈ গৈছিল। উক্ত আলোচনা মৰ্মে ২০১৯ বৰ্ষৰ ১৬ নবেম্বৰৰ ভিতৰত চাকৰি সুৰক্ষিত কৰা, স্বাস্থ্য বীমা সংযোজন কৰা, প্ৰতিবছৰে ১০ শতাংশকৈ দৰমহা বৃদ্ধি কৰা, প্ৰতিগৰাকী কৰ্মচাৰীক পিএফ/ইপিএফ/চিপিএফ প্ৰযোজ্য কৰা আৰু যোগ্যতা-অভিজ্ঞতাৰ ভিত্তিত গ্ৰামোন্নয়ন বিভাগত খালী হৈ থকা চাকৰিত নিযুক্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু ইয়াৰ এটা দফাও আজিও কায্যকৰী হোৱা নাই। আনহাতেদি বিভাগটোৱে ১০০৪ টাকৈ পদ বিজ্ঞাপন প্ৰকাশ কৰিছে যদিও বিগত ৫ বছৰৰ পৰা ১১ বছৰ পৰ্যন্ত কামৰ অভিজ্ঞতা থকা কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত নহ’ল লগতে ইতিমধ্যেই বহুতৰ বয়স ওকলি যোৱাত আবেদনো কৰিব নোৱাৰে। প্ৰবল বঞ্চনা আৰু মিছা প্ৰতিশ্ৰুতি দি অহা লগতে কথা দি কথা নৰখা বাবে কৰ্মচাৰীসকলৰ দ্বাৰা গঠিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ২৮ ছেপ্টেম্বৰ পৰা এলানি আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি তেওঁলোকে একত্ৰিত হৈ ২৮, ২৯ তাৰিখে কলা বেজ পৰিধান কৰি কাম কৰিব, ৩০ আৰু ১ অক্টোবৰত দুয়োটা দিনত প্ৰতিটো উন্নয়ন খণ্ড কায্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰিব, ২ অক্টোবৰত গান্ধী জয়ন্তী দিনাও জিলাখনৰ ৩০৪ জন কৰ্মচাৰীয়ে একে লগ হৈ তিনিচুকীয়া জিলা পৰিষদৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পঞ্চায়তত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি অহা গ্ৰাম ৰোজগাৰ সহায়ক, কম্পিউটাৰ সহায়ক, গাণনিক সহায়ক, গাঁও পঞ্চায়ত সমন্বয়ক আৰু স্বীকৃতিপ্ৰাপ্ত অভিযন্তা এই পাচঁটা পদৰ কৰ্মচাৰীসকলে কাম নকৰিলে অচল হৈ পৰিব গ্ৰামোন্নয়ন বিভাগ। ইতিমধ্যেই জিলাখনৰ প্ৰতিগৰাকী বিধায়ক, উপায়ুক্ত, মুখ্য কাৰ্যবাহী বিষয়া, উন্নয়ন খণ্ড বিষয়া, গাঁও পঞ্চায়তৰ সভাপতি/সচিবৰ লগতে জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিসকলকো দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে। মনকৰিবলগীয়া যে অন্যান্য বিভাগে ৰূপায়ণ কৰা প্ৰস্তাৱৰ প্ৰতিলিপি গাঁঠি দি উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, গ্ৰামোন্নয়ন মন্তী, মুখ্য সচিব আৰু আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে ইয়াৰ পিছতো যদি এইসকল কৰ্মচাৰীয়ে কোনো জীয়াই থকাৰ বাট বিচাৰি নাপাই তেন্তে অনিদিষ্টকালীনভাৱে কৰ্মবিৰতি পালন কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগেদি জানিব দিছে সংগঠনটোৰ মুখপত্ৰ বিনন্দ মৰাণে। এই সমস্ত কাৰ্যসূচী তিনিচুকীয়াৰ লগতে অন্যান্য জিলাসমূহতো ক্ৰমানুসৰি ৰূপায়ন হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ ৰাজ্যিক উপদেষ্টা কুমুদ গগৈ আৰু কেন্দ্ৰীয় কায্যনিৰ্বাহক নিৰ্মল বুঢ়াগোঁহাইয়ে।

Related Articles