Breaking

ৰৌতাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গোঁসাইগাওঁ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা

0 2,027

 ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন  ৪অক্টোবৰত  ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি বিআইচিচি হ’লত  দিনৰ ১ বজাত অনুষ্ঠিত হৈ যায় ।  এই  ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই । গোঁসাইগাঁও  সমষ্টিটোৰ  কাৰণে বিপিএফ প্ৰাৰ্থী হিচাপে ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নামটো  সভাপতি  হাগ্ৰামা মহিলাৰীয়ে  সদৰি কৰা সভাখনত আগন্তুক উপ নিৰ্বাচনৰ বিষয়ে আলোচনা   কৰি  কেবাটাও বিষয়ৰ ওপৰত গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । তামুলপুৰ  সমষ্টিটোৰ বাবে  ৪অক্টোবৰৰ  সভাই কোনো সমাধানৰ উপায় বিচাৰি নোপোৱা সভাখনত কালাইগাঁও  বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োই দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ দিশত বহলাই সাৰুৱা বক্তব্য আগবঢ়ায় । সভাখনত পশ্চিম কোকৰাঝাৰ  বিধানসভা  সমষ্টিৰ  বিধায়ক ৰবিৰাম নাৰ্জাৰী , মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিচিৰ বিপিএফ দলৰ এমচিএলএ সকলৰ লগতে কেন্দ্ৰীয় সমিতিখনৰ প্ৰায় পাঁচ শতাধিক প্ৰতিনিধি উপস্থিত আছিল । ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু  মাজবাট সমষ্টি বিপিএফ সমিতিৰ সহযোগত এই কাৰ্যনিৰ্বাহক  সভাখন ৪অক্টোবৰ অনুষ্ঠিত হয় ।ৰৌতাত  বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা  পুনৰ ঘোষণা কৰিছে বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰীয়ে ।হব লগীয়া উপ নিৰ্বাচনৰ এক সন্ধিক্ষনত  বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ দিনক দিনে পৰিবৰ্তনত দিশত গতি কৰিবলৈ লৈছে ৷ বিজেপিৰে বিপিএফৰ মিত্ৰতা চুড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ। মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য  কৰিছে  হাগ্ৰামা মহিলাৰীয়ে ৪অক্টোবৰত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ নেতৃত্বৰে হোৱা আলোচনাত মিত্ৰতাই চূড়ান্ত ৰূপত প্ৰকাশ হৈছে ৷ ৰৌতাৰ সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি দলীয় বিধায়ক আৰু শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপিৰে হোৱা মিত্ৰতা আৰু আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা  আৰু পৰ্য্যালোচনা কৰা হয় ৷ আনহাতে ইউপিপিএল দলেও গোঁসাইগাওঁ আৰু তামুলপুৰ সমষ্টি দুখনৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে  প্ৰকাশ কৰিছে ৷কোকৰাঝাৰৰ জিলাৰ  গোঁসাইগাওঁ সমষ্টিত বিজেপি মিত্ৰজোটৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বণ্ডীতা কৰাৰ  সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷  বিপিএফে  প্ৰাৰ্থী নিদিয়া সমষ্টিত দলে ইউপিপিএলক সহায় কৰিব নে বিজেপিক সহায় কৰিব সেই সম্পৰ্কত  প্ৰশ্নত মহিলাৰীয়ে কোনো  ৰাজনৈতিক দলৰ নাম নোলোৱাকে মিত্ৰজোঁটক প্ৰত্যক্ষ ভাবে সহায় কৰিব বুলি মন্তব্য আগবঢ়ায়।

Leave A Reply