Breaking

নাগালেণ্ড বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা

0 91

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ১১ নৱেম্বৰঃ নাজিৰা মহকুমা অন্তৰ্গত গেলেকী অসম-নাগালেণ্ড সীমান্তৱৰ্তী নাগালেণ্ডৰ দুটা সমষ্টিত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ নিৰ্বাচন। উপ নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি দুটা হ’ল কহিমা জিলা ১৪ নং দক্ষিণ আংগামী সমষ্টি আৰু আনটো কিফিৰি জিলা ৬০ নং পুংগ্ৰ বিধানসভা সমষ্টি। ইয়াৰে দক্ষিণ আংগামী সমষ্টিত শাসকীয় এনডিপিপি দলৰ মেড য়হখা আৰু নাগা পিপলছ ফ্ৰণ্টৰ দলৰ কিকভি কিৰহা তথা নিৰ্দলীয় প্ৰাৰ্থী ছেয়েভিলি পিটাৰকে ধৰি মুঠ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল।

আনহাতে পুংগ্ৰ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ খেৰছঅ আনাৰ বিজেপিৰ লিৰিমংগ ছেংটাম আৰু নিৰ্দলীয় ক্ৰমে কে চেলুথঙ, টি য়িমছুংগাৰে প্ৰাৰ্থীত্ব আগবঢ়াইছিল। সম্প্ৰতি নাগালেণ্ডৰ বিধানসভাৰ ২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত পাংগ্ৰো কিফিৰে সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী টি ইয়াংছিওয়ে ১৫২৭ টা ভোটৰ ব্যৱধানত বিজয়ী হয়।

দক্ষিণ আঙ্গমি ১ সমষ্টিত ৫৯৮ টা ভোটৰ ব্যৱধানত জয়ী হয় নেছনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰাৰ্থী মেড’ ইয়াহোখা। উল্লেখ্য যে কিছু মাহৰ পূৰ্বে শাসকীয় এনডিপিপি দলৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ ভিখঅ য়ুহছু আৰু বিৰোধী দল এনপিএফ দলৰ বিধায়ক টি টৰেছুৰ মৃত্যু হোৱাত দখন আসন খালি হৈছিল।

Leave A Reply