Breaking

বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ বাৰ্ষিক সভা সম্পন্ন, কেন্দ্ৰীক নতুন শিক্ষানীতিয়ে স্বনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰিবঃ ড০ গোবিন্দ চন্দ্ৰ মহন্ত

0 172

দৈনন্দিন বাৰ্তাৰ সেৱা, চাংসাৰি, ৮ নৱেম্বৰঃ আজি বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সভাখন গুৱাহাটী  চন্দ্ৰপুৰ হাজংবৰীস্হিত বহুমুখী প্ৰকল্পত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈয়ে। কাৰ্যসূচীৰ আৰম্ভণিতে শংকৰদেৱ বিদ্যা নিকেতন  হাজংবৰীৰ আচাৰ্য আচাৰ্যা, বিদ্যাৰ্থীসকলে বন্দনা  পৰিবেশন কৰি আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিগত বৰ্ষত দেশ তথা সমাজৰ কল্যাণৰ হকে জীৱন উচৰ্গা কৰা ব্যক্তিসকলৰ স্মৰণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। ইয়াৰ পাছতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ পৰিচয় দাঙি ধৰে বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সহ সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰীয়ে।  বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী আৰু পূৰ্ব্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ব্ৰহ্মাজী  ৰাওৱে আদৰণি ভাষণ প্ৰদান কৰে।

ৰাওৱে তেওঁৰ ভাষণত  বিদ্যা ভাৰতীৰ পৰিচয় দাঙি ধৰাৰ লগতে প্ৰয়াত শিক্ষাবিদ শান্তনু ৰঘুনাথ শেন্দে সোৱৰনী বঁটা ২০২০ বৰ্ষৰ বাবে  কাঞ্চিকামকোটি বিদ্যা ভাৰতী বিদ্যালয় শ্বিলঙৰ শেখৰৰঞ্জন দাস আৰু একল বিদ্যালয় অভিযান ভাগ  কোকৰাঝাৰ মধু নাৰ্জাৰীক প্ৰদান কৰা হয়। বঁটাত দুয়োকে প্ৰশস্তিপত্ৰ সহ নগদ ২৫০০০ টকাকৈ প্ৰদান কৰা হয়। ইয়াৰ পিছতেই বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ আনুষ্ঠানিক ৱেবছাইট মুকলি কৰা হয়। ড০ জয়কান্ত শৰ্মাৰ সঞ্চালনা অনুষ্ঠিত সভাত  বিশিষ্ট অতিথি সুনিল দেশপাণ্ডে, ড০ পি জে সন্দিকৈয়ে বক্তব্য ৰাখে। আজি সভাত মূখ্য অতিথিৰ বক্তব্য ৰাখি  অখিল ভাৰতীয় সহ সাংগঠনিক সম্পাদক ড০ গোবিন্দ চন্দ্ৰ মহন্তই নতুন শিক্ষা আৰু উত্তৰ পূৰ্বাঞ্চলত বিদ্যাভাৰতীৰ অগ্ৰগতি ওপৰত বিশ্লেষণাত্মক মন্তব্য ৰাখে। নতুন শিক্ষা নীতি ভাৰত কেন্দ্ৰীক শিক্ষা নীতি। এই ভাৰত কেন্দ্ৰীক মূল্যবোধ শিক্ষাৰ জৰিয়তে বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ চলি থকা সকলো বিদ্যালয়তে চলাবলৈ আজিৰ সভাতেই প্ৰস্তাৱ গৃহীত কৰাৰ বাবে মত পোষণ কৰে।

ইয়াৰ লগতে পূৰ্বোত্তৰৰ  সকলো চৰকাৰৰ লগত আলোচনাৰ মাজৰে এই শিক্ষা নীতি সফল ভাৱে আগবঢ়াই নিবলৈ সক্ষম হব বুলি মন্তব্য কৰে। এই শিক্ষা নীতিৰ জৰিয়তে কৌশল বিকাশৰ মাধ্যমৰে দেশক আত্মনিৰ্ভৰ কৰিব পৰা  যাব। শেষত দেশক এটি সুন্দৰ শিক্ষা নীতি উপহাৰ দিয়া বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। বালিকা শিক্ষাৰ ওপৰত বক্তব্য ৰাখি অনিমা শৰ্মাই নাৰী শক্তিৰ উত্থানেই বিদ্যা ভাৰতীৰ অন্যতম মূল লক্ষ্য আৰু মাতৃশক্তিক স্বনিৰ্ভৰশীল কৰা বাবে কৰ্মৰত হৈ আছে বুলি উল্লেখ কৰে। ইয়াৰ লগতে পূৰ্বোত্তৰ ক্ষেত্ৰ বিদ্যা ভাৰতীৰ  বাৰ্ষিক হিচাপ নিকাচ গৃহিত কৰাৰ লগতে আন আন প্ৰস্তাৱ সমূহ আলোচনাৰ অন্তত গৃহিত কৰা হয়। সভাৰ শেষত পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক চাঞ্চীৰাম পায়েঙে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply