Breaking

মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য…

0 20

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আন এক বিতৰ্কিত মন্তব্য এইবাৰ শিল্পীগৰাকী চৰ্চালৈ আহিছে শ্ৰীকৃষ্ণকলৈ কৰা এক মন্তব্যৰ বাবে। মাজুলীত অনুষ্ঠিত ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত জুবিনে কয় – শ্ৰীকৃষ্ণ ভগৱান নহয় , মানুহ । পুবেৰুণ কলা পৰিষদৰ পৃষ্ঠপোষকতাত তিনিদিনীয়াকৈ গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত অনুষ্ঠানত জুবিনে এনেদৰে কয়। অনুষ্ঠানটোৰ অন্তিম দিনা জুবিন গাৰ্গক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল আৰু এই অনুষ্তেঠানতে ওঁক গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰে ‘সংগীত সিন্ধু’ উপাধি প্ৰদান কৰিছিল।


অৱশ্যে, গাৰ্গে তেওঁৰ ভাষণত কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে । জুবিন গাৰ্গে সত্ৰধিকাৰসকলক ঐশ্বৰিক ব্যক্তি বুলি উল্লেখ কৰাৰ ধাৰণাক সমালোচনা কৰি কয়, “সাধাৰণ মানুহে সত্ৰধিকাৰসকলক প্ৰভু বুলি কয়। এয়া সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য কথা নহয়। কৃষ্ণ এজন পুৰুষ (মানুহ), কেতিয়াও ঈশ্বৰ নাছিল।”

ছ’চিয়েল মিডিয়াত জুবিন গাৰ্গৰ মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। মাজুলীৰ বহুলোকে জুবিন গাৰ্গৰ এনে আচৰণক সমালোচনা কৰিছে। এই ঘটনাই জুবিন গাৰ্গক পুনৰ সমালোচনাৰ মালৈ ঠেলি দিছে। বহুতে বিশিষ্ট ব্যক্তিসকলৰ দায়িত্ব আৰু আচৰণৰ বিষয়ে আলোচনাৰ কৰিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ বিহু সন্মিলনৰ দৰে গুৰুত্বপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানৰ সময়ত জুবিন গাৰ্গে কৰা এনে মন্তব্যক বহুতে সহজভাবে ল’ব পৰা নাই।

Leave A Reply