Breaking

নিৰ্বাচনী বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা অনুদানৰ আন এক তথ্য প্ৰকাশ…

0 28

১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ এদিন পিছতে নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

দেওবাৰে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ পৰা নিৰ্বাচনী বণ্ডৰ ওপৰত লাভ কৰা তথ্য প্ৰকাশ কৰে। এই একেই তথ্য যিটো নিৰ্বাচন আয়োগে ছীল কৰা খামত উচ্চতম ন্যায়ালয়ক দিছিল। অনুমান কৰা হৈছে যে এই সবিশেষ ২০১৯ চনৰ ১২ এপ্ৰিলৰ আগৰ সময়ছোৱাৰ। এই তাৰিখৰ পিছত নিৰ্বাচনী বণ্ডৰ সবিশেষ যোৱা সপ্তাহত নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিছিল। আজি নিৰ্বাচন আয়োগে এক বিবৃতিত কয় যে উচ্চতম ন্যায়ালয়ে ছীল খামত থকা তথ্য ঘূৰাই দিছে। ইয়াৰ পিছত আয়োগৰ ৱেবছাইটত আপলোড কৰা হৈছে।

উল্লেখযোগ্য যে ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ এদিন পিছতে নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰিছে।

Leave A Reply