Breaking

অসমৰ উদ্যোগিক প্ৰগতিৰ আন এক ঐতিহাসিক মুহূৰ্ত; অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ…

0 64

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপুৰ্তি উপলক্ষে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

এই চুক্তি অনুসৰি অসমত প্ৰায় ৮,২০০ কোটি টকা ব্যয়েৰে ৮টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পসমূহ ৰূপায়ণৰ ফলত প্ৰায় ৬,১০০ টা কৰ্মসংস্থাপন সৃষ্টি হ’ব।

তদুপৰি, আগন্তুক দিনত ৰাজ্য উদ্যোগ তথা বাণিজ্য ক্ষেত্ৰখনলৈ আৰু অধিক বিনিয়োগৰ আগমন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী সঞ্জয় কিষাণ,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিভিন্ন উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

আজি বুজাবুজি চুক্তি স্বাক্ষৰ কৰা কোম্পানীকেইটা হ’ল-

১)পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড
২)বৰুণ পানীয় লিমিটেড
৩)কেলকম চিমেণ্ট ইণ্ডিয়া লিমিটেড
৪)ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেড
৫)চেঞ্চুৰী ফ্ল’ট গ্লাছ লিমিটেড
৬)তাজ চিমেণ্ট মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড
৭)ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড।
৮)DS Group (বৈদ্যুতিক বাহন)

Leave A Reply