Breaking

অসমবাসীৰ বাবে আন এক গৌৰৱ : ৰাষ্ট্রসংঘৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’

0 2,025

▶️বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে৷

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে পুনৰ ভাল খবৰ।ৰাষ্ট্রসংঘৰ ইউনেস্ক’ৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত হ’ল ৰাজেন দাস পৰিচালিত ‘লাইফ ইন এ পাপেট’।অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ পাপেট’ মনোনীত হৈছে।

ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংস্থা তথা ইউনেস্ক’ৱে বিশেষ উদ্যোগ গ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ মহোৎসৱ ’কালচাৰ চিনেমা ২০২১’লৈ মনোনীত ছবিসমূহ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয় অ’টি টি প্লেটফৰ্ম ’মুভীচেইন্ট’যোগে বিশ্বজুৰি প্ৰদশৰ্নৰ ব্যৱস্থা কৰিছে৷

উল্লেখযোগ্য যে,অসমৰ লোকশিল্প পুতলা নাচক লৈ নিৰ্মিত ’লাইফ ইন‌ এ পাপেট’ চলচ্চিত্ৰখন মহোৎসৱৰ সময়ছোৱাত অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে বিশ্বজুৰি প্ৰত্যক্ষ কৰিব৷ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ সংগঠন ইউনেস্ক’ৰ প্লেটফৰ্মত অসমীয়া চলচ্চিত্ৰ ’লাইফ ইন এ পাপেট’ৰ এই ৱৰ্ল্ড প্ৰিমিয়াৰ নিঃসন্দেহে অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ৷

Leave A Reply