Breaking

চিৰাং আৰক্ষীৰ বৃহৎ সাফল্য

0 1,538

মটৰচাইকেল চুৰি চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সফল অভিযান । ৰাজ্যত নতুন চৰকাৰ গঠনৰ কিছু দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী ডʼ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ মৰ্মে তাৎক্ষণিকভাৱে তৎপৰ হৈ উঠে অসম আৰক্ষী আৰু ২০ জুনৰ পৰা ৩০ জুনলৈ মাত্ৰ ১০ দিনৰ ভিতৰতে চিৰাং আৰক্ষীয়ে তীব্ৰ অভিযান চলাই জিলা খনৰ বিভিন্ন থানা এলেকাৰ পৰা মুঠ ৩০ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰে ।ইয়াৰ পিছৰ পৰ্যায়ত যোৱা ৩০ জুন তাৰিখৰ পৰা ৯ জুলাই লৈকে চিৰাং আৰক্ষীয়ে ৩৬ খন চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰাৰ লগতে ইতিমধ্যে ৪ জনকৈ মটৰচাইকেল চুৰি চক্ৰৰ সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।যোৱা ১৮ দিনত চিৰাং আৰক্ষীয়ে জিলা খনৰ পৃথকে পৃথকে স্থানত অভিযান চলাই মুঠ ৬৬ খন চুৰি যোৱা মটৰচাইকেল উদ্ধাৰ কৰি এক নজীৰ স্থাপন কৰিছে ।উল্লেখযোগ্য যে বাইক চুৰিৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এয়া এক বৃহৎ সাফল্য। এই বাইক চুৰিৰ সমগ্ৰ চক্ৰৰ তথ্য অতি সোনকালেই পোহৰলৈ আহিব বুলি চিৰাং আৰক্ষীয়ে সদৰী কৰে।

Leave A Reply