Breaking

‘কা’ বিৰোধী আন্দোলন তীব্ৰ কৰাৰ সংকল্প গ্ৰহণ, ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ

0 1,304

টিংখাং : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি পুনৰ টিংখাঙৰ ৰাজগড়ৰ ৰাজপথ উত্তপ্ত হৈ পৰে। টিংখাঙৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় পাঁচ শতাধিকলোকে ‘কা’ বিৰোধী ঐক্য মঞ্চৰ টিংখাঙৰ পূৰ্ব ঘোষিত কাৰ্যসূচী সফল কৰিবলৈ শ্বহীদ বেদী তিনিআলিত সমবেত হয়। এক প্ৰেছ বিবৃতিত মঞ্চই কয় যে যোৱা নিশাৰে পৰা ৰাজগড় আৰক্ষীয়ে মঞ্চক আজিৰ কাৰ্যসূচী বাতিল কৰিবলৈ ফোন যোগে প্ৰবল হেঁচা প্ৰয়োগ কৰে। আজি পুৱাৰে পৰা ৰাজগড় আৰক্ষীয়ে কাৰ্যসূচী ৰূপায়ণ কৰিলে গোচৰ ৰুজু কৰিব বুলি ভাবুকি প্ৰদান কৰে যদিও ৰাইজে আৰক্ষীৰ বাধা ভাঙি ৰাজগড় শ্বহীদ বেদি তিনিআলিত মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শেহতীয়া ভাৱে একাংশ শিল্পী তথা তথাকথিতা জাতীয়তাবাদী নেতাই ‘কা’ আন্দোলনত অংশ গ্ৰহণ কৰি এতিয়া BJPৰ কোলাত আশ্ৰয় লৈছে। মঞ্চই তেওঁলোকৰ এই কাৰ্যক বিশ্বাসঘাতকতা বুলি অভিহিত কৰে আৰু এই বিশ্বাসঘাতকতাৰে বিপৰীতে আজিৰে কাৰ্যসূচীৰ যোগেদি মঞ্চই ‘কা’ বিৰোধী আন্দোলন তীব্ৰতৰ কৰাৰ সংকল্প গ্ৰহণ কৰে। প্ৰতিবাদ কাৰী সকলে ‘কা’ বাতিল কৰক, সকলো ‘কা’ কাৰাবন্দীক মুক্তি দিয়ক, গণতান্ত্ৰিক প্ৰতিবাদক বাধা দিয়া টিংখাং প্ৰশাসন বিমল বড়াই কভিড প্ৰট’কল ভংগ কৰাত নীৰৱ কিয় জবাব দিয়ক আদি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰে। কাৰ্যসূচীৰ অন্তত মঞ্চৰ তৰফৰপৰা স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ‘কা’ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Leave A Reply