Breaking

মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ বিৰোধী সজাগতা সভা

0 39

মৈৰাবাৰী আৰক্ষীৰ উদ্যোগত আজি মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়।

সজাগতা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দ্রুৱজ্যোতি নাথ।

মৈৰাবাৰী আৰক্ষীৰ দ্বাৰা অনুষ্ঠিত কৰা সজাগতা সভাখনত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ পৰা ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ সৰবৰাহকাৰী, ব্যৱসায়ী সকলৰ কৱলৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি সেই সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তৃতা দিয়ে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে।

সভাৰ শেষত মৈৰাবাৰী নিচামুক্তি কেন্দ্ৰত চিকিৎসা চলি থকা ড্ৰাগছ আসক্ত যুৱক আৰু বৃদ্ধাশ্ৰমত থকা পুৰুষ-মহিলাসকলৰ সৈতেও মত বিনিময় কৰে উপস্থিত উপ আৰক্ষী অধীক্ষক গৰাকীয়ে।

আনহাতে বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ পৰা ড্ৰাগছ নিৰ্মূলৰ উদ্দেশ্যে মৈৰাবাৰী আৰক্ষীয়ে লোৱা এনে ড্ৰাগছ বিৰোধী পদক্ষেপক অঞ্চলৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে।

Leave A Reply