Breaking

মৰিগাঁও প্ৰশাসন আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধঁপাত বিৰোধী সজাগতা সভা

0 49

সমগ্ৰ বিশ্বৰ লগতে বুধবাৰে মৰিগাঁৱটো মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এক ধঁপাত মুক্ত সজাগতা অনুষ্ঠান আয়োজন কৰে।

মৰিগাঁও জিলাত ধঁপাত মুক্ত কৰা উদেশ্যৰে পুৱা মৰিগাঁৱত এক বাইক ৰেলি আয়োজন কৰে। মৰিগাঁও সদৰ পৰা আৰম্ভ কৰি মৰিগাঁও পবিতৰাত সমাপ্ত কৰা এই বাইক ৰেলিত অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশিষ শৰ্মাৰ লগতে জিলা আৰক্ষী অধিক্ষক হেমন্ত কুমাৰ দাস, জিলা ধঁপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়োৰ লগতে প্ৰায় শতাধীক লোক।

এই বাইক ৰেলিটি উদ্বোধন কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়ধিশ এন.এছ. বৰুৱাই।

পুৱা মৰিগাঁৱৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলি দুপৰিয়া মৰিগাঁও পবিতৰাত সমাপ্ত কৰি এক সজগতা সভাৰে এই বাইক ৰেলি সমাপ্ত কৰে।

পৰবৰ্ত্তী সময়ত মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ধঁপাত নিমন্ত্ৰণ কোষৰ দ্বাৰা জিলা খনৰ লাহৰিঘাট, মৈৰাবাৰি, ভূৰবন্ধা আদি বিভিন্ন অঞ্চলত এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা লগতে মৰিগাঁও জিলা মৈৰাবাৰিস্থিত দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন বিশেষ সজগতা সভা আয়োজন কৰে।

এই সভাত জিলা উপায়ুক্ত দেৱাশিৰ্ষ শৰ্মা,মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দুৰ্তিভা বৰা, জিলা উপ আৰক্ষী অধিক্ষক মৌচুমি দাস, জিলা ধপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়ো,মৈৰাবাৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ লগতে মৈৰাবাৰি দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।


আনফালে এই অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি মৰিগাঁও জিলাত ধঁপাত বিষৰ্জন উদশ্যৰে এক ধঁপাত বিসৰ্জন যাত্ৰা আৰম্ভ কৰা লগতে জিলা খনৰ বিভিন্ন স্থানত ধঁপাত মুক্ত কৰাৰ উদেশ্যৰে এলানি বাটৰ নাটো প্ৰদৰ্শন কৰে।

Leave A Reply