শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত অনুপম মিউজিক ক্ৰিয়েশ্যনৰ বেনাৰত সোমবাৰে মহানগৰীৰ ৰাজগড়স্থিত টেম্পটেশ্যন ষ্টুডিঅ’ত “হাতৰে আঙুলি লিহিৰি লিহিৰি” শীৰ্ষক এটি গীত মুকলি কৰা হয়। বিশিষ্ট সংগীতশিল্পী অনুপম শইকীয়া আৰু প্ৰিয়ংকা ভৰালীয়ে কণ্ঠ নিগৰোৱা গীতটি ইতিপূৰ্বে ১৯৯৯চনত মুক্তি লাভ কৰা চুপাৰহিট শ্ৰব্য কেছেট “মন”ত কণ্ঠ নিগৰাইছিল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী সদ্যপ্ৰয়াত কেকে, ছান, সাধনা স্বৰগম আৰু অনুপম শইকীয়াই। গীতটিৰ কথা-সুৰ তথা সংগীত অনুপম শইকীয়াৰ। সংগীত ব্যৱস্থাপনা দীপকেশ বৰগোঁহাইৰ। গীতটিৰ মিক্স এণ্ড মাষ্টাৰিং কৰিছে দিগন্ত বৰদলৈয়ে। আনহাতে, নব্বৈ দশকৰ জনপ্ৰিয় গীতটি ন-ৰূপেৰে সজাই পুনৰ শ্ৰোতা-দৰ্শকৰ মাজলৈ আগবঢ়াই জনপ্ৰিয় শিল্পী অনুপম শইকীয়াই “হাতৰে আঙুলি লিহিৰি লিহিৰি” গীতটি “Anupam Saikia Official” ইউটিউব চেনেলযোগে মুক্তিলাভ কৰাৰ লগতে সংগীতপ্ৰেমী ৰাইজে গীতটিক আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কমাৰগাঁৱত অমৃত কলহ যাত্ৰা
- ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল;প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি
- ভূটানৰ গেলেফু-থিম্ফু-ফুণ্ট শ্লিং হৈ এছিয়ান কাৰ ৰেলী শিলিগুৰিত উপস্থিত
- অসামাজিক কাম-কাজ নিৰ্মূলৰ মূল চাবি-কাঠি নাৰী শিক্ষা
- ২০০০টকীয়া নোট সন্দৰ্ভত RBIৰ নতুন নিৰ্দেশনা
- এনিমিয়া মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে পোষণ মাহ’২০২৩ ৰ পৰীক্ষা, চিকিৎসা আৰু সজাগতা সভা
- হাজোৰ কুলহাটী-দমদমা চ’কত হাজো-গুৱাহাটী মূল পথ অৱৰোধঃ এঘন্টাধৰি তীব্র যানজট
- ডিমৌত স্বচ্ছতাৰ বাবে এটা দিন শীর্ষক কাৰ্যসূচীত ৰাইজৰ স্বইচ্ছাই সহযোগিতা কৰিবলৈ আহ্বান ডিমৌ পৌৰসভাৰ
- ১৯ সংখ্যক এছিয়ান গেমছত পাকিস্তানক পৰাজয়ৰে ভাৰতৰ দশম স্বৰ্ণ পদক জয়
- ৰাষ্ট্ৰপতি মুৰ্মুৰ স্বাক্ষৰঃ আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক…