Breaking

অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…

0 59

অনুষ্কা শৰ্মাই এতিয়া এবছৰত মাত্ৰ এখন ছবিহে কৰিব বুলি সিদ্ধান্ত লৈছে। বৰ্তমান অনুষ্কা শৰ্মাই নিজৰ পৰিয়ালত, বিশেষকৈ কন্যা ভামিকাৰ দায়িত্ব ল’ব বিচাৰিছে। শেষবাৰৰ বাবে ২০১৮ চনত শ্বাহৰুখ খানৰ সৈতে ‘জিৰ’ ছবিত অভিনয় কৰাৰ পিছত ২০২২ চনত ‘কালা’ ছবিত কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া চাৰি বছৰৰ মূৰত অনুষ্কাই ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনীমূলক ছবি ‘চাদাক এক্সপ্ৰেছ’ৰ জৰিয়তে পৰ্দালৈ ঘূৰি আহিবলৈ ওলাইছে। চলিত বৰ্ষৰ শেষৰ ফালে নেটফ্লিক্সত মুক্তি পাব এই ছবিখন। ইফালে অনুষ্কা শৰ্মাই ঘোষণা কৰিছে এটা কথা, যিটো শুনি অনুৰাগীসকল অলপ হতাশ হৈছে।

আচলতে অনুষ্কা শৰ্মাই কৈছে যে এতিয়া এবছৰত মাত্ৰ এখন ছবিহে কৰিব। স্বামী আৰু সন্তানক সময় দিব বিচাৰে অনুষ্কাই। বাংগালুৰুত এক অনুষ্ঠানত ভাষণ দি অনুষ্কাই কয়, ‘মই জানো যে মোৰ ছোৱালীজনীক এই বয়সত মোৰ বহু প্ৰয়োজন আছে। বিৰাট এজন মহান পিতৃ” সেয়ে এই পদক্ষেপ লৈছো।অনুষ্কাই কয়, অভিনয় ভাল পাওঁ কিন্তু আগতে যিমান ছবি কৰিছিলো সিমান ছবি কৰিবলৈ মন নাই আৰু এতিয়া। এতিয়া মই বছৰি এখন ছবি কৰি অভিনয়ৰ উপভোগ কৰিব বিচাৰো আৰু মোৰ জীৱনটোক যিদৰে আছো তেনেদৰেই ৰাখি পৰিয়ালক সময় দিব বিচাৰো।’

তেওঁ আৰু কয়, ‘মই মোৰ জীৱন যাপন কৰা ধৰণেৰে মোক সুখী কৰি তোলে আৰু মই কাকো একো প্ৰমাণ কৰিব নিবিচাৰো, সেয়া অভিনেত্ৰী হিচাপে হওক, ৰাজহুৱা ব্যক্তি হিচাপে হওক বা মাতৃ হিচাপে হওক বা পত্নী হিচাপে হওক।’ অনুষ্কাই আৰু কয় যে তেওঁ কেৱল এনেকুৱা কাম কৰিব বিচাৰে যিবোৰে তেওঁক সুখী কৰি ৰাখিব।

Leave A Reply