Breaking

মেট্ৰিকত ধনশিৰি মহকুমাৰ শীৰ্ষস্থান দৰ্শিতা দত্তক আপকু’ৰ সম্বৰ্ধনা

0 33

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বৰপাভজান গাঁৱৰ নিৱাসী অপূৰ্ব দত্ত আৰু ৰিজুমণি দত্তৰ কন্যা দৰ্শিতা দত্তই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ধনশিৰি মহকুমাৰ ভিতৰত ৫৬৭ নম্বৰ লাভেৰে শীৰ্ষস্থান অধিকাৰ কৰি মহকুমাটোলৈ গৌৰৱ কঢ়িয়াই আনে।

অসমৰ সাংবাদিক সকলৰ অন্যতম সংগঠন আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু’ৰ ধনশিৰি মহকুমা সমিতিৰ এটা প্ৰতিনিধি দল দৰ্শিতা দত্তৰ বাসগৃহত উপস্থিতি হৈ দৰ্শিতাক ফুলাম গামোচা, অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত আপকু’ৰ প্ৰতিনিধি দলটোৱে দৰ্শিতাৰ পিতৃ মাতৃকো শুভেচ্ছা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত আপকু’ ধনশিৰি মহকুমা সমিতিৰ সভাপতি তুলসী চুতীয়া, সম্পাদক অনুজ বৰা, প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ মহন্ত, বিপুল শৰ্মা, কোষাধক্ষ্য বিবেকানন্দ দত্ত আৰু কাৰ্যনিৰ্বাহক সদস্য দেৱাশীষ শৰ্মা উপস্থিত থাকে।অনুষ্ঠানত ধনশিৰি মহকুমাৰ বিশিষ্ট সমাজকৰ্মী ভুৱন দত্ত, সাংস্কৃতিক কৰ্মী তৰুণ শৰ্মা উপস্থিত আছিল।

Leave A Reply