Breaking

এপ’ল’ কেন্সাৰ চেন্টাৰে কেন্সাৰ চিকিৎসাৰ বাবে এক সংহত পদ্ধতি আগবঢ়াইছে- ডাঃ পি মহাদেৱ

0 52

‘কেন্সাৰলৈ ভয় নহয়, কেন্সাৰৰ সৈতে যুঁজিব লাগিব’! এপ’ল’ কেন্সাৰ চেন্টাৰে কেন্সাৰ চিকিৎসাৰ বাবে এক সংহত পদ্ধতি আগবঢ়াইছেঃ ডাঃ পি মহাদেৱ। চেন্নাইৰ এপ’ল’ কেন্সাৰ চেণ্টাৰে ২৮ জানুৱাৰী তাৰিখে দিছপুৰৰ এপ’ল’ দিনৰ ১২.৩০ বজাত জ্যেষ্ঠ পৰামৰ্শদাতা ৰেডিয়চন অংক’লজিষ্ট ডাঃ পি মহাদেৱৰ সৈতে প্ৰেছ ইন্টাৰেকচনৰ আয়োজন কৰে। এই প্ৰেছ ইন্টাৰেকচনত মহিলাৰ স্তন কেন্সাৰ,কোনটো দিশত স্তন কেন্সাৰ বেছিকৈ হয়? স্তন কেন্সাৰ ৰোগীৰ বৃদ্ধি হোৱাৰ কাৰণ কি? আনহাতে বৰ্তমান সময়ত দিনক দিনে কেন্সাৰ ৰোগীৰ বৃদ্ধি হোৱাৰ কাৰণৰ সম্পৰ্কত গুৱাহাটীত অনুষ্ঠিত এক প্ৰেছ মিটত এই সম্পৰ্কত এক সজাগতা বাৰ্তা প্ৰেৰণ কৰে চেন্নাই এপ’ল’ কেন্সাৰ চেন্টাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ৰেডিয়চন অংক’লজিষ্ট ডাঃ পি মহাদেৱে। লগতে কয় যে কেন্সাৰৰ বিৰুদ্ধে কেৱল এজনে যুঁজিলে নহ’ব, আমি সকলোৱে কেন্সাৰৰ বিৰুদ্ধে একেলগে যুঁজিব লাগিব।

তাৰবাবে আমি এজনে আনজনক সহায়-সহযোগিতা আগবঢ়াব লাগিব। লগতে এপ’ল’ কেন্সাৰ চেন্টাৰে কেন্সাৰ চিকিৎসাৰ বাবে এক সংহত পদ্ধতি আগবঢ়াইছে বুলি বক্তব্য ৰাখে ডাঃ পি মহাদেৱে। ইয়াৰউপৰিও চিকিৎসা পৰিকল্পনা চূড়ান্ত কৰাত অংশগ্ৰহণ কৰা সকলো প্ৰাসংগিক বিশেষজ্ঞৰ সৈতে টিউমাৰ ব’ৰ্ডত আলোচনাৰ পিছত প্ৰতিজন ৰোগীৰ বাবে চিকিৎসা ব্যক্তিগতকৰণ কৰা হয়। এপ’ল’ কেন্সাৰ চেন্টাৰৰ হাতত বিভিন্ন ধৰণৰ মাৰাত্মক আৰু বিনাইন টিউমাৰ চিকিৎসাৰ বাবে শেহতীয়া আৰু উন্নত ৰবটিক চাইবাৰনাইফ আৰু পেঞ্চিল বিম প্ৰটন থেৰাপী আছে। গুৱাহাটীত অনুষ্ঠিত এক প্ৰেছ মিটত এই কথা কয় চেন্নাইৰ এপ’ল’ কেন্সাৰ চেন্টাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা ৰেডিয়চন অংক’লজিষ্ট ডাঃ পি মহাদেৱে।

Leave A Reply