Breaking

এপাটৰ অৰ্থসাহাৰ্যত গুনগত মীনপোনা উৎপাদনৰ প্ৰশিক্ষণৰ শুভাৰম্ভ

0 1,025

ৰাজ্যখনৰ মীন উৎপাদনৰ অন্যতম উপাদান গুণগত মীনপোনা উৎপাদনৰ বাবে ‘ অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ‘ ( এপাট ) ৰ সৌজন্যত  মীন মহাবিদ্যালয় ,ৰহাই মীন বিভাগ , অসমৰ সহযোগত এলানি বিশেষ গুণগত মীন পোনা উৎপাদন শীৰ্ষক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । ৰাজ্যখনৰ আগশাৰীৰ প্ৰায় দুশ মীনপোনা উৎপাদন হেচ্ছাৰীৰ  স্বত্বাধিকাৰীক সামৰি আয়োজন কৰা এই লানি বিশেষ প্ৰশিক্ষণ কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয় মৰিগাঁও জিলাৰ দলংঘাট উন্নয়ণ খণ্ডৰ ভেহগুৰি  এম ভি স্কুল প্ৰাঙ্গঁনত । জিলাখনৰ প্ৰায় ৫০ জন মীনপোনা উৎপাদনকাৰী  আৰু আগশাৰীৰ পোনা প্ৰতিপালনকাৰীয়ে অংশগ্ৰহণ কৰা  এই প্ৰশিক্ষণৰ  শুভাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি অংশগ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ডঃ বিনোদ কলিতাই এপাৰ্টৰ জৰিয়তে গুণগত মীনপোনা উৎপাদনত লোৱা এই পদক্ষেপৰ শলাগ লয় ।

ভাষণত ডঃকলিতাই  মীন পোনা উৎপাদনকাৰী সকলে একমাত্ৰ অধিক লাভৰ বাবে মনোযোগ নিদি উন্নত মানৰ পোনা উৎপাদন কৰি মীন পালকসকলৰ লগতে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায় । বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া সমীপ কুমাৰ ডেকাই মীন পালনৰ বাবে লবলগীয়া সাৱধানতাৰ লগতে অধিক গুণগত মাছৰ পোনা উৎপাদৰ কাৰ্যব্যৱস্থাৰ আহ্বান জনায় ।  মৰিগাঁও জিলা মীন উন্নয়ণ বিষয়া ভাস্কৰ জ্যোতি নাথে   জিলাখনত মাছ উৎপাদনৰ খতিয়ান দাঙি ধৰি মাছ উৎপাদন বৃদ্ধিৰ বাবে গুণগত মানদণ্ডৰ মীনপোনাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে আৰু এই সন্দৰ্ভত ‘মীন পোনা বেংক’ স্হাপনৰ পোষকতা কৰে । অনুষ্ঠানত এপাৰ্ট( মীন)ৰ ৰাজ্যিক কতৃত্বশীল বিষয়া ডঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু বিশ্ববেংকৰ  অৰ্থসাহাৰ্যত ৰূপায়িত এপাৰ্টৰ মীন সমন্বয়ক ডঃ সঞ্জয় শৰ্মাই গুণগত মীনপোনা উৎপাদনৰ বিভিন্ন কৌশল যেনে হৃষ্ট-পুষ্ট গাভিৰ্নী মাছহে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা , একেটা’ ব্ৰিডিং’ পুলত একে সময়তে এটা প্ৰজাতিৰ মাছ প্ৰজনন কৰা আৰু প্ৰতিবছৰে প্ৰজননৰ বাবে ব্যৱহাৰ কৰা মাছখিনি সালসলনি কৰাত গুৰুত্ব প্ৰদান কৰে ।

তেওঁলোকে  গুণগত গাভিৰ্নী মাছক ‘টেপিং’ কৰাৰ বিভিন্ন কৌশলো  সভাত অৱগত কৰে । অনুষ্ঠানত বিশ্ব মৎস্য সন্থা(WORLD FISH) ৰ কাৰিকৰী নিৰ্দেশনাত প্ৰকাশ কৰি উলিওৱা “গুণগত মাছপোনা  উৎপাদনৰ বাবে উত্তম ব্যৱস্থাপনা অনুশীলন” পুস্তিকা খনি উন্মোচন কৰা হয় । অন্যান্য বিষয়া কৰ্মচাৰীৰ লগতে মীন মহাবিদ্যালয়ৰ অধ্যাপক ড‍ঃ প্ৰদীপ চন্দ্ৰ ভূঞা ,মীন উন্নয়ণ বিষয়া আনোৱাৰ হুছেইন খানে অংশগ্ৰহণ কৰি মীন পোনা উৎপাদনকাৰী সকলৰ মাজত সঘনাই যোগাযোগ অক্ষুন্ন ৰাখিবলৈ এটা একত্ৰিত গ্ৰুপ খোলাৰ পৰামৰ্শ আগবঢ়ায় । প্ৰশিক্ষণৰ শেষত মীনপোনা উৎপাদনকাৰী সকলে ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকৰ হেচ্ছাৰীবোৰত অকল গুণগত মানদণ্ডৰ মীনপোনাহে উৎপাদন কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

Leave A Reply