Breaking

মানসিক চাপত ভুগিছে নেকি? সংগীৰ কাপোৰৰ গোন্ধৰ দ্বাৰা আঁতৰি যাব মানসিক চাপ…

0 22

অত্যধিক মানসিক চাপৰ ফলত ৰাতি টোপনি নাহে, ওজন বৃদ্ধি পায় আৰু তাৰ পিছত ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু যদি ইয়াৰ ফলত অতিৰিক্ত মানসিক চাপ বা শাৰীৰিক সমস্যাৰ সৃষ্টি হয়, তেন্তে ইয়াৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজনীয়।গতিকে মানসিক চাপ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। কানাডাৰ ইউনিভাৰ্চিটি অৱ ব্ৰিটিছ কলম্বিয়া (ইউবিচি)ৰ মাৰ্লেছ হোফাৰ নামৰ এজন ব্যক্তিয়ে কৰা এক অধ্যয়ন অনুসৰি যদি কোনো মহিলা মানসিক চাপত থাকে তেন্তে সংগীৰ গোন্ধ পাই আৱেগিক সন্তুষ্টি অনুভৱ কৰে। এই ক্ষেত্ৰত পুৰুষ সংগীয়ে ব্যৱহাৰ কৰা কিবা এটাৰ গোন্ধ বা তেওঁৰ চাৰ্টৰ গোন্ধৰ কথা উল্লেখ কৰা হয়। আনহাতে, যদি কোনো মহিলাই উদ্বিগ্নতাৰ সময়ত কোনো অচিনাকি মানুহৰ গোন্ধ পায়, তেন্তে তেওঁৰ শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা কেইবাগুণো বৃদ্ধি পায়।

জাৰ্নেল অৱ পাৰ্চনেলিটি এণ্ড ছ’চিয়েল চাইক’লজীত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি বহু মহিলাই সংগী আঁতৰত থাকিলে সংগীৰ টি-চাৰ্ট পিন্ধে আৰু সংগীৰ সৈতে বিচনাৰ একেফালে টোপনি যায়। কিন্তু তেওঁলোকে নাজানে কিয় এনে আচৰণ কৰে। গৱেষণাৰ মতে, যেতিয়া কোনো পুৰুষ সংগী ওচৰত নাথাকে, তেতিয়াও কেৱল তেওঁলোকৰ গোন্ধই মহিলাৰ বাবে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাৰ আহিলা হ’ব পাৰে।

Leave A Reply