Breaking

কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হ’ব আৰ্জেণ্টিনা…

0 54

কাটাৰ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ প্ৰথম দিনা কোনো অঘটন নঘটিল। আশা কৰা মতেই নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাই তেওঁলোকৰ মেচত জয়লাভ কৰিছে বিশ্বকাপৰ দ্বিতীয় ৰাউণ্ডৰ প্ৰথমখন খেলত লুই ভান হালৰ নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাস্ত কৰে। তেওঁলোকে ৩-১ গ’লৰ ব্যৱধানত দুৰ্দান্ত জয় সাৱ্যস্ত কৰে।

আনহাতে, নকআউটত অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। লিঅ’নেল স্কেলোনিৰ শিষ্যসকলে কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দী হিচাপে পাইছে নেডাৰলেণ্ডক।

কাটাৰ বিশ্বকাপৰ নক-আউটৰ দ্বিতীয়খন খেলত আৰ্জেণ্টিনাই বিশ্বকাপৰ নক-আউটৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াক ২-১ গ’লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে নকআউট পৰ্যায়ৰ প্ৰথমখন খেলত নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-১ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ টিকট নিশ্চিত কৰে।

Leave A Reply