Breaking

সমুখত নিৰ্বাচন : কোকৰাঝাৰত উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ আৰু সজীৱ গুলী

0 30

বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী । সকলো দলে অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে কোকৰাঝাৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু গুলী । আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় অস্ত্ৰ খিনি । নিৰ্বাচিত কুটাঘাত মূলক ঘটনা সংঘটিত কৰিবলৈ অস্ত্ৰ খিনি লুকুৱাই ৰখা হৈছিল বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছে ।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে জানিব দিয়া মতে, সোমবাৰৰ মাজনিশা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেৰ্তৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ বাথৌগুৰী গাঁৱত অভিযান চলায় ।

উক্ত অভিযানকালত এটা পুখুৰীৰ পাৰত গোপেন লুকুৱাই ৰখাৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এটা একে ৪৭ ৰাইফল , ৭.৬২ এমএমৰ ২৯০ জাঁই সজীৱ গুলী , পইণ্ট ৩০৩ এমএমৰ ১৯ জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বাতৰি সংগ্ৰহ কৰা পৰলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত আছে বুলি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰিছে ।

Leave A Reply