Breaking

অষ্টম স্থান দখলেৰে হাজোলৈ গৌৰৱ কঢ়িয়াই আনিলে অৰ্ণৱজ্যোতি দাসেঃ চিকিৎসক হোৱাৰ মন অৰ্ণৱৰ…

0 83

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান দখল কৰি তীৰ্থনগৰী হাজোৰ লগতে সত্ৰনগৰী ৰামদিয়ালৈ গৌৰৱ কঢ়িয়াই আনে ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ তথা ৰামদিয়া দলোপাৰা নিৱাসী প্ৰদীপ দাস আৰু গীতা দাসৰ পুত্ৰ অৰ্ণৱজ্যোতি দাসে।আজি ফলাফল লাভ কৰাৰ পাছতে অৰ্ণৱৰ নিজৰ গাও খনৰ লগতে নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য-আচাৰ্যা তথা অভিভাৱক সকলৰ মাজত উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।বাইহাটা চাৰিআলীৰ এখন ব্যক্তিগত শিক্ষানুস্থানত অধ্যয়ণ কৰি থকা মেধাৱী ছাত্ৰ অৰ্ণৱে তেওঁৰ ফলাফলৰ বিষয়ে আজি পুৱা পৰিয়ালৰ লোকে ফোনযোগে অৱগত কৰে।

আজি দিনৰ এঘাৰ বজাত বাইহাটাৰ পৰা নিজগৃহ আহি পোৱাৰ লগে লগে ৰামদিয়া হিতসাধিনী সভা,ৰামদিয়া পুথিভঁৰাল আৰু সামুহিক সাংস্কৃতিক কেন্দ্ৰ,হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠন ব্যক্তিয়ে উষ্ম আদৰণি জনাই।ইয়াৰ পাছত মেধাবী ছাত্ৰ অৰ্ণৱজ্যোতি দাসক ৰামদিয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ অনা হয়। নিকেতন পৰিচালনা সমিতিৰ সভাপতি ড৹নৃপেন চন্দ্ৰ দাস,সম্পাদক পৰমানন্দ ডেকাৰ লগতে নিকেতনৰ আচাৰ্যা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পাছতে মেধাৱী ছাত্ৰ অৰ্ণৱজ্যোতিক লৈ নিকেতনৰ ছাত্ৰ ছাত্ৰী,আচাৰ্য-আচাৰ্যা অভিভাৱক তথা স্থানীয় ৰাইজে শোভাযাত্ৰা কৰি বৃহত্তৰ ৰামদিয়া পৰিভ্ৰমন কৰে।

ইফালে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মেধাবী ছাত্ৰ অৰ্ণৱজ্যোতি দাসে কয়,মই প্ৰথম দহজনৰ তালিকাত থাকিম বুলি কেতিয়াও ভবা নাছিলো।তথাপি আজি ঘোষিত ফলাফলত অত্যন্ত সূখী বুলি প্ৰকাশ কৰে।দৈনিক সাত ঘণ্টাকৈ পঢ়া অৰ্ণৱে উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰি ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ আশা মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে।দিন হাজিৰা কৰা পিতৃ প্ৰদীপ দাসে পুত্ৰৰ এনে সাফল্যত অত্যন্ত সুখী বুলি উল্লেখ কৰি তেওৰ কষ্টৰ ফল পোৱা বুলি জানিবলৈ দিয়ে। তেঁও অসমীয়াত ৯৫, ইংৰাজীত ৯৭,সাধাৰণ গণিতত ৯৮,সাধাৰণ বিজ্ঞানত ১০০,সমাজ বিজ্ঞান ত ৯৭ আৰু ঐচ্ছিক গণিতত ১০০ লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply