Breaking

বৃহস্পতিবাৰে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ সম্ভাৱনা

0 26

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ বুধবাৰে আলিবাগ আদালতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ অধিবক্তা আবাদ পন্ডা আৰু গৌৰৱ পাৰ্কাৰে সাংবাদিকক জানিবলৈ দিয়ে বুধবাৰে নিশা ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে আলিবাগ আদালতত এক আবেদন উত্থাপন কৰে।

বৃহস্পতিবাৰে এই আবেদন শুনানি গ্ৰহণৰ সম্ভৱনা আছে। আদালতে আৰক্ষীক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল বুলি অধিবক্তা পন্ডাই লগতে কয়। বুধবাৰে ৰাতিপুৱা আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত মুম্বাইৰ বাসগৃহৰ পৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল।

গোস্বামীক উক্ত ঘটনাৰ আন দুজন অভিযুক্ত ফৰোজ শ্বেখ আৰু নিতেশ দাৰ্দা সৈতে বুধবাৰে আলিবাগ জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল।

Leave A Reply