Breaking

নলবাৰীত কৃত্ৰিম বান,বাৰিষাৰ মূষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বাণত দূৰ্ভোগ ভূগিছে ৰাইজে

0 1,048

বহাগৰ বিদায়ী ক্ষণত মূষলধাৰ বৰষুণৰ ফলশ্ৰুতিত নলবাৰী জিলাৰ বিভিন্ন স্থানত সৃষ্টি হয় কৃত্ৰিম বাণ।জিলা খনৰ গাঁৱে-ভূয়ে,চহৰে-নগৰে প্ৰায় প্ৰতিটো প্ৰান্ততে পৰিলক্ষিত হয় কৃত্ৰিম বান।এই কৃত্ৰিম বানৰ ফলত যান-বাহন চলাচলত বাৰুকৈয়ে সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হয়। লগতে চহৰখনৰ বিভিন্ন প্ৰান্তৰ নলা-নৰ্দমা সমূহৰ পৰা ওলোৱা গেলা-পচা সামগ্ৰী সমূহ গছকিব লগীয়া হোৱাত ৰাইজ অস্বস্তিত পৰে।একাংক্ষ ক্ষোভিত ৰাইজে চৰকাৰক কতক্ষ্য কৰাও পৰিলক্ষিত হয়।লগতে প্ৰতিবছৰে বাৰিষাৰ সময়ত নলবাৰীবাসী ৰাইজে যি যমৰ যাতনা ভূগি আহিছে,ইয়াৰ এটা স্থায়ী সমাধান বিচাৰি চৰকাৰক আহ্বানো জনাই।

উল্লেখ্য যে পৌৰ সভা নিৰ্বাচনৰ সময়ত নলবাৰীৰ আটাইকেই গৰাকী ৱাৰ্ড মনোনীত সদস্যৰে প্ৰধান ইচ্ছু আছিল কৃত্ৰিম বান ৰোধ কৰাৰ। সেয়ে লক্ষনীয় হব পৌৰ সভাৰ পৰৱৰ্তী কাৰ্য-কলাপৰ ওপৰত।

Leave A Reply