Breaking

পশ্চিম নলবাৰীৰ বণ্যাৰ্তৰ কাষত শিল্পী অংগৰাগ পাপন মহন্ত

0 1,060

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁও বুঢ়াদিয়া, মৰাপাগলদিয়া আৰু কানাইখুণ্ডাৰ প্ৰলয়ংকাৰী বানৰ কবলত পৰি কেইবাহেজাৰ পৰিয়ালে নিজৰ আপোন ঘৰখন এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে । খোৱাপানী, খাদ্য, চিকিৎসা সেৱাৰ অভাৱে জুৰুলা কৰিছে বন্যাৰ্তসকলক । এনে এক দুৰ্যোগৰ সময়তে কালি পশ্চিম নলবাৰীৰ বন্যাৰ্তৰৰ মাজত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত । পাপনৰ স্বেচ্ছাসেৱী সংস্থা আৰ্থফুল ফাউণ্ডেচনৰ উদ্যোগত পূৱ পখুৰা গাঁৱৰ ৬৩ টা বন্যাৰ্ত পৰিয়ালক বান সাহায্য হিচাপে খাদ্য-সামগ্ৰীৰ টোপোলা প্ৰদান কৰে ।

উক্ত অনুষ্ঠানত স্বেচ্ছাসেৱী সংস্থাটোৰ ভালেকেইজন কৰ্মকৰ্তাই উপস্থিত থাকি পাপনক সংগ দিয়ে ।গাঁৱৰ মানুহৰ সৰলতাৰ কথা কৈ গাঁৱখনলৈ আহি খুব ভাল লগা বুলি মত প্ৰকাশ কৰি বানপানী হ’বই কিন্তু তাৰ মাজতে হাঁহিমুখে থাকিব পৰাটোহে আচল কথা বুলিও কয় ৷

প্ৰেৰক, দিগন্ত বৰ্মণ।

Leave A Reply