Breaking

জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকৰ্মী অভিযন্তাক ছুৰিকাঘাতৰ ঘটনা : অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল অভিযুক্ত কনিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰা ।

0 745

নাজিৰা : জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাৰ মাজত সংঘটিত হোৱা ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত অৰুণ চন্দ্ৰ বৰা নামৰ কণিষ্ঠ অভিযন্তা গৰাকী অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল। এক সূত্ৰৰ পৰা জনা মতে অভিযুক্ত কণিষ্ঠ অভিযন্তা গৰিকীক বিভাগীয় কৰ্ত্পক্ষই যোৱা কালি এক নিৰ্দেশ মৰ্মে যোৱা ১৪ মে’ ৰ পৰা কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰিছিল। উল্লেখযোগ্য যে, জলসম্পদ বিভাগৰ নাজিৰা উপ — সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰাক লকডাউন অব্যাহত থকাৰ সময়তে যোৱা ১৩ মে’ ৰ নিশা ঐকে কাৰ্যালয়ৰ সহকৰ্মী কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাই মদৰ ৰাগিত মাতালহৈ পেটত প্ৰচণ্ড জোৰত তীক্ষ্ণ ছুৰীৰে আঘাত কৰে। দৈব্যক্ৰমে সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰিৰ প্ৰাণ ৰক্ষা পৰে যদিও আঘাত গুৰুতৰ হোৱাত তেওঁ চিকিৎসালয়ত ভৰ্তি হ’বলগাত পৰে । উক্ত ঘটনাৰ পিছতেই শিমলুগুৰি আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই নিজাববীয়াকৈ অৰুণ চন্দ্ৰ বৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । ইফালে ঘটনা সংঘটিত কৰি কাৰ্যালয়টোৰ পৰা পলায়ন কৰা অভিযুক্ত কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাক তদন্ত কাৰী আৰক্ষী বিষয়াই যোৰহাটৰ নিজা ঘৰৰ পৰা ভাৰতীয় দণ্ডবিধি ৩২৬ , ৩০৭ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে । ১৫ মে’ ত আদালতে অভিযুক্ত বৰাক জেল হাজোতলৈ নিক্ষেপ কৰে। ইফালে অৰুণ চন্দ্ৰ বৰাৰ পৰিয়ালৰ ফালৰ পৰাও সহকাৰী কাৰ্যবাহী অভিযন্তা শান্তনু বৰাই কাৰ্যালয়তে অৰুণ চন্দ্ৰ বৰাক মাৰপিট কৰা বুলি এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত শান্তনু বৰাৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু কৰে । কিন্তু সেই দিনা নিশা কাৰ্যালয়টোত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাই কি কাম কৰি আছিল বা কি বিষয়কলৈ দুয়োগৰাকীৰ মাজত মাৰপিট আৰু পিছত ছুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছিল, সেয়া বৰ্তমানো ৰহস্যৰ মাজত। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মদৰ বটল আৰু গিলাচ উদ্ধাৰ কৰা বুলি প্ৰকাশ। সেই সময়ত কাৰ্যালয়ত এগৰাকী ৰান্ধনী আৰু শাখা সহায়কজন উপস্থিত আছিল। তেওঁলোকে ৰক্তাক্ত অৱস্থাত পৰি থকা শান্তনু বৰাক চিকিৎসালয়লৈ নিছিল। আৰক্ষীয়ে এই পৰ্যন্ত শান্তনু বৰাক হত্যাৰ উদ্দেশ্যে পেটত আঘাত কৰা ছুৰীখন অৰুণ চন্দ্ৰ বৰাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তীক্ষ্ণ ছুৰীখন কণিষ্ঠ অভিযন্তা গৰাকীয়ে ক’ত লুকুৱাই ৰাখিছে,  তাকলৈ ৰাইজৰ মাজত আলোচিত হৈছে। এক সূত্ৰে জনা মতে , কণিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিচতেই তদন্তকাৰী আৰক্ষী বিষয়াই শিৱসাগৰ জিলা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰক লিখিতভাৱে অৱগত কৰিছিল। তৎসত্বেও কনিষ্ঠ অভিযন্তা গৰাকীক নিলম্বিত কৰাৰ বাবে ইমান সময় কিয় প্ৰয়োজন হ’ল। বিভাগীয় কৰ্তৃপক্ষলৈ শিৱসাগৰ জিলা সংমণ্ডল কাৰ্যালয়ৰ পৰা অৰুণ চন্দ্ৰ বৰাক গ্ৰেপ্তাৰ আৰু জেল হাজোতলৈ নিক্ষেপ কৰাৰ তথ্য প্ৰেৰণত কোনো বিষয়াই ইচ্ছাকৃতভাৱে বিলম্ব কৰিছিল নেকি , তাক লৈও বিভাগটোৰ ভিতৰে — বাহিৰে চৰ্চা হৈছে। অভিযোগ অনুসৰি সহকাৰী কাৰ্যবাহী অভিযন্তাক ছুৰীৰে আঘাত কৰাৰ সময়ত কণিষ্ঠ অভিযন্তা গৰাকীয়ে ম’বাইল ফোনত কাৰোবাৰ লগত কথা পাতি আছিল । প্ৰকৃতাৰ্থত কাৰ লগত তেওঁ কথা পাতিছিল। সহকাৰী কাৰ্যবাহী অভিযন্তাক হত্যাৰ বাবে চেষ্টা চলোৱা বিষয়টোৰ আৰত জলসম্পদ বিভাগৰ কোনো বিয়াগোম বিষয়াৰ উচতনি আছে নেকি, তাৰ প্ৰকৃত তথ্য আহৰণৰ বাবে ছুৰিকাঘাতৰ সময়ত কণিষ্ঠ অভিযন্তাই কাৰ লগত কথা পাতিছিল, এই তথ্য পোহৰলৈ অহাতো অতিকে প্ৰয়োজন । যাৰ বাবে ৰাইজে যোৱা ১৩ মে’ৰ নিশা ঘটনাৰ সময়ৰ লগত সংগতি ৰাখি কণি অভিযন্তাৰ ম’বাইল ফোননৰ কল ডিটেইলছ পৰীক্ষা কৰাৰ বাবে দাবী উত্থাপন কৰিছে । 

Leave A Reply