Breaking

অসমৰ মাটিত পুনৰ নগাৰ আগ্ৰাসন

0 32

অসমৰ মাটিত পুনৰ অৰুণাচলি নগাৰ আগ্ৰাসন।মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত বমগাৰা অঞ্চলত এই আগ্ৰাসন।
অৰুণাচল প্ৰদেশৰ ১ নং ফিনবিৰো গাঁৱৰ ৰাইজে চলাইছে আগ্ৰাসন।কোভিড প্ৰটকলৰ গইনা লৈ অসমৰ মাটিত প্ৰথমে অস্থায়ী টঙি ঘৰ নিৰ্মাণ আৰু বৰ্তমান পথৰ ওপৰত গেট নিৰ্মাণৰ প্ৰচেষ্টা।লেখাপানী আঞ্চলিক বন বিষয়া অনুজ গগৈৰ নেতৃত্বত এটা সজাতি দলে অৰুনাচলি নগাৰ এই আগ্ৰাসনক বাধা প্ৰদান কৰে।

এই ক্ষেত্ৰত অসম চৰকাৰ তথা দল সংগঠনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্ততে পৰিস্থিতি বিপদাপন্ন হোৱাৰ আশংকাই দেখা দিছে। অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন নতুন কথা নহয় যদিও বমগাৰাত হোৱা আগ্ৰাসন একপ্ৰকাৰ অৰুণাচলীৰ অবৈধ কয়লা সৰবৰাহৰ টেক্স সংগ্ৰহ কৰাৰ নিৰাপদ স্থান হিচাপে বিভিন্ন মহলত চৰ্চা লাভ কৰিছে বৰ্তমান অৰুণাচলীৰ এই আগ্ৰাসনে বমগাৰা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।

Leave A Reply