Breaking

অৰবিন্দ কেজৰিৱালৰ আবেদন নাকচ দিল্লী উচ্চ ন্যায়ালয়ৰ ! ১৫ এপ্ৰিললৈকে কাৰাগাৰত ৰখাৰ নিৰ্দেশ…

0 10

আদালতে পুনৰ বিমুখ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। আবকাৰী নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আদালতৰ পৰা নাপালে কোনো সকাহ। উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন নাকচ কৰে। আদালতে তেওঁক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিয়ে।

আদালতে কয় যে ইডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো সম্পূৰ্ণ ন্যায় সংগত আছিল। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে আদালতক কয় যে আইন সকলোৰে বাবে সমান। এজন মুখ্যমন্ত্ৰী আৰু সাধাৰণ জনতাৰ মাজত কোনো পাৰ্থক্য নাই বুলিও ইডিয়ে আদালতত মন্তব্য কৰে। কেজৰিৱালে পূৰ্বে কৈছিল যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তথাপিও, ইডিয়ে তেওঁক আবকাৰী দুৰ্নীতিৰ গোচৰত বলপূৰ্বক জড়িত কৰি আহিছে।

এই পৰিস্থিতিত গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই কেজৰিৱালৰ তৰফৰ পৰা এখন আবেদন দাখিল কৰা হৈছিল। কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে আজি সেই আবেদন নাকচ কৰে। আৰম্ভণিৰে পৰাই, ইডিয়ে দাবী কৰি আহিছে যে কেজৰিৱালৰ আবকাৰী গোচৰৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। কেজৰিৱালৰ আবেদনৰ বিৰোধিতা কৰি ইডিয়ে কয়, “যদি এজন ‘সাধাৰণ লোকে ‘ অপৰাধ কৰে, তেন্তে তেওঁ কাৰাগাৰলৈ যাব লাগিব। কিন্তু কাৰোবাক কেৱল মুখ্যমন্ত্ৰী হোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰিব নোৱাৰিনে?

Leave A Reply