Breaking

মিছামাৰী আৰক্ষী থানাত স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ…

0 59

মিছামাৰী আৰক্ষীথানাত সাত বছৰীয়া স্কুলীয়া ছাত্ৰীৰ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত আছা-আটছাৰ তীব্ৰ প্ৰতিবাদ

মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত কন্যা শিশু ধৰ্ষণ কৰা ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ প্ৰদানৰ দাবীত আজি মিছামাৰী আৰক্ষীথানাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে৷উল্লেখ্য যে যোৱা ১২ অক্টোবৰত শোণিতপুৰৰ মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হোৱা কন্যা শিশুৰ ধৰ্ষণৰ ঘটনাৰ আজিও প্ৰতিক্ৰিয়া মাৰ যোৱা নাই।

মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত এগৰাকী সাত বছৰীয়া কন্যা শিশুক এজন নৰপিশাচে দিন দুপৰতে বিদ্যালয়ৰ ভিতৰত ধৰ্ষণ কৰাৰ ঘটনাৰ বিৰুদ্ধে মিছামাৰীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে।আজি মিছামাৰী আৰক্ষী থানাৰ সন্মুখত আছা আৰু আটছাই ধৰ্ষণকাৰীক চিনাক্ত কৰি ফাঁচী দিয়াৰ দাবীত বিভিন্ন শ্লগানেৰে দিয়ে।

ইফালে মিছামাৰী আৰক্ষীয়ে আটক কৰা নিৰ্দোষী নিৰেন গড়ক আৰক্ষীৰ জিম্মাত থকাৰ সময়ত একাংশ লোকে মাৰপিট কৰা আৰু নিৰেন গড়ৰ ফটো তুলি ধৰ্ষণকাৰী বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ঘটনাক উচিত তদন্ত কৰিবলৈ আছা আৰু আটছাই দাবী জনায়।উল্লেখ্য যে মিছামাৰীৰ কেন্দ্ৰীয় বিদ্যালয়ত বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে মানৱ সমাজত লজ্বানিত কৰা ঘটনাটি সংঘটিত হৈছিল।
প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

Leave A Reply