Breaking

১০০০ বানাক্ৰান্তক আছু আৰু এন জি অ’ৰ সাহায্য বিতৰণ

0 1,214

দৈনন্দিন বাৰ্তা সেৱা, ভগামুখ: সদৌ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুস্থান ফিডিং ইন্দিয়াৰ দ্বাৰা যোৰহাট জিলাৰ চিন্তামণিগঢ় অঞ্চলৰ জেলেঙীটুপৰ প্ৰায় ১০০০ টা বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে৷ যোৰহাটৰ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে৷ এই ক্ষেত্ৰত বিশেষভাবে সহযোগিতা আগবঢ়াই স্থানীয় স্বেচ্ছাসেৱী অনুস্থান ৰেঙণি এটি আশাই৷ ফিডিং ইন্দিয়াৰ যোৰহাট শাখাৰ সভাপতি ডুইজ ভাৰ্গৱ পৱন মণ্ডলে, অম্লান, প্ৰমোদ ভগত, নিৰ্মলে উপস্থিত থাকি পৰিচালনা কৰে৷ এই সাহায্যৰ ভিতৰত আছে চাউল, ডাইল, চিৰা মুড়ি, চবোন, চাৰ্ফ, চেনিটেৰী নেপকিন, মম, জুইশলা আদি ৷ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ  এই বিতৰণৰ সময়ত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ মণ্টু কুমাৰ বড়া, সমাজকৰ্মী অৰুণ জ্যোতি গগৈ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ৰেঙণি এটি আশাৰ সঞ্চালক বিজু শৰ্মা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা যদুমণি বৰুৱা, সভাপতি দেৱব্ৰত শইকীয়া, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পৱিত্ৰ বৰা৷ আছু আৰু স্বেচ্ছাসেৱী অনুস্থানৰ এনে প্ৰদক্ষেপৰ বাবে স্থানীয় ৰাইজে শলাগ লৈছে ৷

Leave A Reply