Breaking

এছিয়ান জুনিয়ৰ টেনিছ, ওড়িশ্যা আহান এ-ৰ দ্বিমুকুট অৰ্জন…

0 83

এছিয়ান জুনিয়ৰ টেনিছ ১৬ আৰু অনুৰ্দ্ধ প্ৰতিযোগিতাখন আজি ল’ৰা আৰু ছোৱালীৰ প্ৰতিদ্বন্দ্বিতামূলক খেলৰ মাজেৰে অন্ত পৰে৷ এইবাৰ প্ৰতিযোগিতাৰ গুৰুত্বপূৰ্ণ দিশ হ’ল ওড়িশ্যাৰ আহান এ-ৰ দ্বিমুকুট অৰ্জন৷ উল্লেখ্য যে ওড়িশ্যাৰ অবাচনিপ্ৰাপ্ত খেলুৱৈ আহান এ-য়ে ১৬ বছৰ অনুৰ্দ্ধ ছোৱালীৰ ছিংগলছ আৰু ডাবোলছত জয়লাভ কৰি দ্বৈত মুকুট অৰ্জন কৰে। ছিংগলছৰ খেলত তেওঁ পশ্চিম বংগৰ শীৰ্ষ স্থানপ্ৰাপ্ত আকাংক্ষা ঘোষক ৬-১, ৬-৩ ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে আকাংক্ষা ঘোষৰ সৈতে তেওঁ ডাবোলছৰ খেলত অসমৰ নিস্থাপ্ৰিয়া বেজবৰুৱা আৰু চণ্ডিগড়ৰ শ্ৰাৱস্তী কুণ্ডিলিয়াৰ যুটিক ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰে। পৃষ্ঠপোষকৰ নামৰ সৈতে বিতং ফলাফলবোৰ এনেধৰণৰ৷ অসমৰ অন্তৰীক্ষ তামুলীয়ে ল’ৰাৰ অনুৰ্দ্ধ 16 বছৰৰ ছিংগলছ প্ৰতিযোগিতাত মহেন্দ্ৰ নাথ শইকীয়া ট্ৰফী জয় কৰে৷ তেওঁ অসমৰ ৰিয়ান কাশ্যপক 7-5, 6-2 ত পৰাস্ত কৰে। এই ট্ৰফী পাৰ্থ সাৰথি শইকীয়াই দান আৰু বিতৰণ কৰিছিল। আনহাতে উৰিষ্যাৰ আহান এ-য়ে পশ্চিম বংগৰ পৰা আকাংক্ষা ঘোষক 6-1, 6-3 ব্যৱধানত পৰাস্ত কৰি ছোৱালীৰ অনুৰ্দ্ধ 16 বছৰৰ ছিংগলছ প্ৰতিযোগিতাত প্ৰগতি মটৰ্ছ ট্ৰফী লাভ কৰে।

এই ট্ৰফী জয়ন্ত দত্তই দান কৰিছিল আৰু ডাঃ অনিমেষ বৰুৱাই বিতৰণ কৰে। ল’ৰাৰ ডাবলছ ইভেণ্টত কৰ্ণাটকৰ মাধৱ দীক্ষিতৰ সৈতে যুটি বান্ধি অসমৰ ৰৌনক কাশ্যপে পশ্চিম বংগৰ মহম্মদ আদিল আৰু অসমৰ ৰিটিক ৰাউটক ৬-৩, ৭-৬ (৫)ত পৰাস্ত কৰি জৈনকো লাইফষ্টাইল ট্ৰফী জয় কৰে। এই ট্ৰফী অনিল মহেশ্বৰীয়ে দান আৰু বিতৰণ কৰে। ছোৱালীৰ ডাবল ইভেণ্টত, উৰিষ্যাৰ আহান এ আৰু পশ্চিম বংগৰ আকাংক্ষা ঘোষৰ যুটিৱে অসমৰ নিস্থাপ্ৰিয়া বেজবৰুৱা আৰু চণ্ডিগড়ৰ শ্ৰাৱস্তী কুণ্ডিলিয়াক 6-2, 6-2 ব্যৱধানত পৰাস্ত কৰি কুটোন আৰ এল পলিমাৰ্ছ ট্ৰফী লাভ কৰে। এই ট্ৰফী শ্ৰৱণ মালানীয়ে দান আৰু বিতৰণ কৰে।

Leave A Reply