Breaking

অসমলৈ আহিবলৈ উদগ্ৰীৱ ২৩ জন শ্ৰমিক, ১৩০ কিলোমিটাৰ পদব্ৰজে কৰিছে যাত্ৰা : দলত জখলাবন্ধাৰ অভিজিত দাস আৰু এগৰাকী যুৱতী

0 65

কলিয়াবৰ

 বহিঃৰাজ‍্যৰ লোকৰ বাবে ৰে’ল যাতায়াত মুকলি হোৱাৰ লগে লগে অসমলৈ আহিবলৈ উদগ্ৰীৱ প্ৰতিজন বহিঃৰাজ‍্যত কৰ্মৰত লোক। ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে খোজকাঢ়ি ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছে বহিঃৰাজ্যত আবদ্ধ অসম ২৩ গৰাকী শ্ৰমিকে। উত্তৰ প্ৰদেশৰ “গ্লেজ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড” নামৰ কোম্পানীত কৰ্মৰত অসমৰ ভিন্ন জিলাৰ ২৩ জন শ্ৰমিক। কোম্পানীটোৰ শাখা উত্তৰ-প্ৰদেশৰ ‘কাচগঞ্জ’ জিলাৰ ‘তাৰা এণ্টাৰপ্ৰাইজত কৰ্মৰত আছিল অসমৰ এই দলটো। সমীপৰে এটা হোষ্টেলত বাস কৰিছিল  শ্ৰমিকৰ এই দলটোৱে। খাদ্য সামগ্ৰীৰ অভাৱ তথা কোম্পানীৰ লাভ কৰা কোনো ধৰণৰ সহায় সহযোগ। আনহাতে, শ্ৰমিকসকল বাস কৰা অঞ্চলটোত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ ফলত বুধবাৰে হোষ্টেলৰ স্বতাধিকাৰীয়ে হোষ্টেল ত্যাগ কৰিবলৈ নিৰ্দ্দেশ দিয়ে অসমৰ এই শ্ৰমিকৰ দলটোক। তাৰ পিছতেই বুধবাৰে বিয়লি যাতায়াতৰ সুবিধাৰ অভাৱত সম্প্ৰতি খোজকাঢ়ি ঘৰমুৱা হ’ব লগা হৈছে উত্তৰ প্ৰদেশত কৰ্মৰত এই দলটো। নগাঁও জিলাৰ দহজন, বঙাইগাঁও জিলাৰ পাঁচজন, হোজাই জিলাৰ চাৰিজন, শোণিতপুৰ, কাৰ্বি আংলং, গোলাঘাট আৰু বাক্সা জিলাৰ এজনকৈ শ্ৰমিক আছে অসমৰ এই ২৩ জনীয়া দলটোত। দলটোত আছে সাত গৰাকী যুৱতী-মহিলা। বুধবাৰে বিয়লি যাত্ৰা কৰা এই দলটোৱে প্ৰায় ১৩০ কিলোমিটাৰ বাট খোজকাঢ়ি অতিক্ৰম কৰিছে উত্তৰ প্ৰদেশৰ বৰে’লি জিলা।

Leave A Reply