Breaking

পৃথক কামতাপুৰ ৰাজ্যৰ দাবীত অসম বংগত আন্দোলনৰ প্ৰস্তুতি : কেন্দ্রীয় মন্ত্রী নিশীথ প্ৰামানিকৰ লগত কে পি পি ৰ গুৰুত্বপূৰ্ণ বৈঠক

0 34

পুনৰ পৃথক কামতাপুৰ ৰাজ্য গঠনৰ দাবি ত সৰব হৈ উঠিছে কোচ ৰাজবংশী সংগঠন সমূহ। অসমত ইতিমধ্যে ৫ ইসলাম জনগোষ্ঠীক খিলঞ্জীয়া স্বীকৃতি প্ৰদান কৰাত অইন অইন দল সংগঠন সমূহ জাংগুৰ খাই উঠিছে।

ইপিনে আজি এক প্ৰেছ বিবৃতিত কামতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি( কে পি পি) কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে জনায় যে যোৱা ১ জুলাই তাৰিখত কোচবিহাৰৰ সাংসদ তথা ভাৰত চৰকাৰৰ ক্ৰীড়া, যুৱ কল্যান আৰু গৃহ ৰাজ্যিক মন্ত্ৰী নিশীত প্ৰামাণিকৰ লগত কে পি পিৰ এটি দহ জনীয় প্ৰতিনিধি দলৰ এক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । কে পি পিৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে কে পি পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায় আৰু কেন্দ্ৰীয় অন্যতম কাৰ্যকৰী সদস্য সন্তোষ কুমাৰ বৰ্মন ।

কেন্দ্ৰীয় মন্ত্ৰী নিশীত প্ৰামাণিকৰ লগত হোৱা আলোচনা কালত কে পি পিৰ নেতৃত্বই পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন, কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি, সৰ্বভাৰতীয় পৰ্য্যায়ত কোচ বা ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপিত কৰে। পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ বিষয়টাৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগত কে পি পিৰ নেতৃত্ব দীঘলীয়া সময় আলোচনাত মিলিত হয় বুলি জানিবলৈ দিছে ৰাজনৈতিক দল কে পি পি কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে । কে পি পি কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে আৰু কয় পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন বিষয়টোৰ ৰাজনৈতিক ভাৱে সমাধান কৰিবলৈ ভাৰত চৰকাৰক দ্বিতীয় পাক্ষিক আলোচনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনায় । এই দিশত কেন্দ্ৰীয় মন্ত্ৰী নিশীত প্ৰামাণিক দেৱক বিশেষ উদ্যোগ লবলৈ কে পি পিৰ সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায় আবেদন জনায় । পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰী নিশীত প্ৰামাণিকে ।

যোৱা ১ জুলাইত হোৱা বৈঠকত কে পি পিৰ ফালৰ পৰা অংশ গ্ৰহণ কৰা প্ৰতিনিধি সকল হল -উত্তম কুমাৰ ৰায়, সাধাৰণ সম্পাদক, মনবেন্দ্র ৰায়, সহকাৰী সাধাৰণ সম্পাদক, কেন্দ্ৰীয় কমিটি সদস্য ক্ৰমে সন্তোষ কুমাৰ বৰ্মন, দিলীপ কুমাৰ বৰ্মন, পুলিন ৰায়, মনোৰঞ্জন ৰায়, বীৰেন্দ্ৰ নাথ ৰায় আদি প্ৰমূখ নেতৃত্ব । বিবৃতিটো কে পি পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে আৰু যে দেশে স্বাধীনতা লাভ কৰাৰ পিছতো বিগত ৭৫ বছৰ ধৰি ঐতিহাসিক কামতাপুৰ তথা উত্তৰবঙ্গৰ দেশীয় কামতাপুৰী ভূমিপুত্ৰ সকল সীমা শোষণ, বঞ্চনা, প্ৰতাৰণা আৰু অৱহেলাৰ স্বীকাৰ হবলগীয় হৈছে । যি সময়ত ৰাষ্ট্ৰ ব্যৱস্থাই স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে * স্বাধীনতাৰ অমৃত মহোৎসৱ* পালন কৰিবলৈ যোজা চলাই আছে তেনে সময়তো সাধাৰণ কামতাপুৰী জনতা ৰাজনৈতিক হিংসাৰ স্বীকাৰ হবলগীয়া হৈছে । গতিকে আমি ভাৰত চৰকাৰক অচিৰেই পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন জৰিয়তে কামতাপুৰী সমাজৰ সকলো সমস্যাৰ এক ৰাজনৈতিক সমাধান কৰিবলৈ বিনম্ৰ আহ্বান জনালোঁ ।


ইফালে একেটা বিবৃতি কে পি পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায় কয় পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ অধিক শক্তিশালী কৰি তুলিবলৈ সমভাবাপন্ন বিভিন্ন দল-সংগঠনৰ লগত যোগাযোগ আৰু আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে । সকলো আলাপ-আলোচনা সুকলমে পৰিচালিত হলেই অচিৰেই অসম-বঙ্গ আৰু বিহাৰ বিভিন্ন দল-সংগঠনক একত্ৰিত কৰি সৰ্বভাৰতীয় পৰ্য্যায়ত এক বৃহৎ গণ আন্দোলনৰ গঢ়ি তোলা হব। সেয়েহে পৃথক কামতাপুৰ ৰাজ্য পুনৰ গঠন, কামতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু সৰ্বভাৰতীয় পৰ্য্যায়ত কোচ বা ৰাজবংশী সকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিক্ষিপ্ত ভাৱে আন্দোলন কৰি থকা প্ৰতিটো দল-সংগঠনৰ এক উমৈহতীয়া মঞ্চত উপনীত হবলৈ আহ্বান জনাইছো কে পি পিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ে ।

Leave A Reply