Breaking

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই …

0 95

অসমৰ স্বাস্থ্যখণ্ডত আজি নতুনকৈ সংযোজিত হোৱা ৮৩খন এম্বুলেঞ্চৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাই ।‌ এই বেছিক লাইফ ছাপ’ৰ্ট ছাৰ্ফেচ এম্বুলেন্সসমূহৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডই এক নতুন মাত্ৰা লাভ কৰিলে। অসমৰ গ্ৰাম্য এলেকা আৰু চহৰাঞ্চলত বাস কৰা ৰোগীসকলক বিনামূলীয়া জৰুৰীকালীন পৰিবহণ সেৱা প্ৰদান কৰাৰ লগতে ৰাজ্যত প্ৰসূতি আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

ৰাজ্যত ২০০৮ চনৰ ৬ নৱেম্বৰৰ পৰা প্ৰৱৰ্তন হোৱা ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ জৰিয়তে বৰ্তমানলৈকে ১ লাখ ৮৬ হাজাৰ লোকৰ প্ৰাণ ৰক্ষাৰ ক্ষেত্ৰত সহায়ক হৈছে। ‌

তদুপৰি, অপাৰেটিং এজেঞ্চী জি বি কেৰ জৰিয়তে কাৰ্যক্ষম হৈ থকা জৰুৰীকালীন সেৱা কেন্দ্ৰৰ দ্বাৰা এতিয়ালৈকে প্ৰায় ৪ কোটি ফোন ক’ল গ্ৰহণ কৰাৰ লগতে প্ৰায় ১৯ লাখ গৰ্ভৱতী মহিলাই জৰুৰীকালীন সেৱা লাভ কৰিছে। বৰ্তমান বেছিক লাইফ ছাপ’ৰ্ট ছাৰ্ফেচ এম্বুলেঞ্চ ৭৭৯খন, এডভাঞ্চ লাইফ ছাপ’ৰ্ট ছাৰ্ফেচ এম্বুলেঞ্চ ১৪খন আৰু নৌকা এম্বুলেঞ্চ ৭খনকে ধৰি ৮০০খন এম্বুলেঞ্চৰ জৰিয়তে অসমৰ জনসাধাৰণক স্বাস্থ্য পৰিবহণ সেৱা প্ৰদান কৰি অহা হৈছে।

‘আয়ুষ্মান ভাৰত’ৰ আওতাৰ বাহিৰত ৰৈ যোৱাসকলৰ বাবে ‘ আয়ুষ্মান অসম’ৰ জৰিয়তে ‘সাৰ্বজনীন স্বাস্থ্য বীমা’ৰ কথা চিন্তা-চৰ্চা কৰিছে। যাৰ দ্বাৰা জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন-কাৰ্ড নথকা লোক আদিক সামৰি ল’ব পৰা যাব।অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অৱিনাশ যোশীৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল।

Leave A Reply