Breaking

বাক্সাৰ নিকাচিত ২৭ সংখ্যক অসম গোৰ্খা সন্মিলনৰ বিশাল আয়োজন,উপস্হিত থাকিব অসমৰ মুখ্যমন্ত্ৰী,চিকিমৰ মুখ্যমন্ত্ৰী আৰু বি টি আৰ প্ৰধান

0 1,084

অসমৰে অন্যতম জনগোষ্ঠী গোৰ্খা সকলৰ ২৭তমকেন্দ্ৰীয় অধিবেশন কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বাক্সা জিলাৰ নিকাচি অনুষ্ঠিত হ’ব।কাইলৈৰ পৰা অনুস্হিত হব লগা গোৰ্খা সন্মিলনৰ বাবে ইতিমধ্যে উদযাপন সমিতিয়ে প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।আজি উদযাপন সমিতি নিকাচিত এখন সংবাদমেল সম্বোধন কৰি অধিবেশনৰ কাৰ্যসুচী সম্পৰ্কে জানিবলৈ দিয়ে।বিভিন্ন বাৰেৰহণীয়া কাৰ্য সুচীৰে অনুষ্ঠিত হব লগা অনুষ্ঠানত অন্তিম দিনা মুকলি সভাত অসমৰ মুখ্য মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা, চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং গোলে, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকিব বুলি কয়।

ইতিমধ্যে প্ৰায় ৫০হাজাৰ দৰ্শক বহিব পৰা বিশাল ৰভা নিৰ্মাণ কৰি উলিওৱাৰ লগতে চাৰি হাজাৰতকৈয়ো বেছি প্ৰতিনিধি বহিব পৰা প্ৰতিনিধি গৃহ ভোজানালয় আদি সাজু হৈ উঠিছে।আদৰণি সমিতিয়ে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ উপস্হিতি কমনা কৰিছে।

Leave A Reply