Breaking

অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…

0 25

অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চৰ সফল সামৰণি । অসম ক্ৰিকেট সন্থাৰ ক্ৰিকেট একাডেমীয়ে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ স্ক’ৰাৰসকলৰ দুদিনীয়া এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ আৰু পৰীক্ষাৰ আজি সফলতাৰে সামৰণি পৰে ।

বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়াম প্ৰাংগনৰ নাইন্টী য়াৰ্ডছ ক্লাব অডিটৰিয়ামত হোৱা এই সফল কাৰ্যসূচীত ৯০ গৰাকীৰো অধিক স্ক’ৰাৰে অংশগ্ৰহণ কৰে ।

সামৰণি অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ যুটীয়া সচিব তথা এ চি এৰ ক্ৰিকেট একাডেমীৰ সদস্য-সচিব দেৱজিত শইকীয়া, এ চি এৰ উপ সভাপতি ৰাজদীপ ওজা, যুটীয়া সম্পাদক তথা একাডেমীৰ অধ্যক্ষ ৰাজেন্দ্ৰ সিং, কোষাধ্যক্ষ চিৰন্জিত লাংথাছাকে ধৰি বিচিচিআইৰ স্ক’ৰাৰ এডুকেটৰ পি জয়পালো উপস্থিত আছিল।

Leave A Reply