Breaking

ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা ১১জনলৈ বৃদ্ধি

0 71

আৰক্ষীৰ নিযুক্তিত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত মঙলবাৰে ৮জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল।

১১জনলৈ বৃদ্ধি ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট কেলেংকাৰীত গ্ৰেপ্তাৰৰ সংখ্যা। মঙলবাৰে ৮জনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুনৰ গ্ৰেপ্তাৰ কৰা হয় তিনিজনক। নতুনকৈ গ্ৰেপ্তাৰ মুছস্তাফিজুৰ ৰহমান, আতিকুৰ ৰহমান আৰু অলিউল্লাহ। কিছু সময়ৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে তিনিওজনকে লৈ যোৱা হ’ব।

উল্লেখযোগ্য যে আৰক্ষীৰ নিযুক্তিত ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত মঙলবাৰে ৮জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে সোধা–পোছাৰ অন্তত চিআইডিয়ে গ্ৰেপ্তাৰ কৰে ৮ অভিযুক্তক। শেহতীয়াকৈ অসম আৰক্ষীত বহু পৰিমাণৰ পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। এই পৰীক্ষাত একাংশ প্ৰাৰ্থীয়ে ভুৱা কম্পিউটাৰৰ প্ৰমাণপত্ৰ দাখিল কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

Leave A Reply