Breaking

বিশ্বনাথৰ বালিচাংত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি…

0 21

বিশ্বনাথৰ বালিচাংত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

বিশ্বনাথৰ বালিচাংত মুকলি কৰা হয় অসম গ্ৰামীণ বিকাশ বেঙ্কৰ গ্ৰাহক সেৱাকেন্দ্ৰ ৷ দলংগুৰি শাখাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেঙ্কৰ সেৱা কেন্দ্ৰটি গ্ৰাহকৰ সেৱাৰ্থে বিভিন্ন সুবিধা সমুহ উপলব্ধ হোৱাকৈ খোলা হৈছে গ্ৰাহক সেৱা কেন্দ্ৰটি ৷বিশেষকৈ ছাত্ৰছাত্ৰী সকলৰ উপৰিও বিভিন্ন গ্ৰাহকক কম সময়ৰ ভিতৰত নতুনকৈ একাউণ্ট খোলাকে ধৰি অটল পেঞ্চন যোজনা ,

প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ উপৰিও বেঙ্কৰ লগত জড়িত আন আন সুবিধা সমুহ গ্ৰাহকে লাভ কৰিব পাৰিব ৷ আনকি আত্মসহায়ক গোটৰ টকাও জমা লোৱাৰ সুবিধা পাব বুলি গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বৰ্তাধিকাৰী চেৱন শৰ্মাই জানিব দিয়ে ৷

কেৱল মাত্ৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু একপি ফটোৰ জৰিয়তে তাৎক্ষণিকভাবে নতুনকৈ একাউণ্ট খোলাৰ সুবিধা পাব বুলি সদৰি কৰা স্বৰ্তাধিকাৰী গৰাকীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷ উল্লেখ্য যে বালিচাং স্থিত দলংগুৰি শাখা অসম গ্ৰামীণ বিকাশ বেঙ্কত বহু সময়ত গ্ৰাহকৰ ভীৰ হোৱা পৰিলক্ষিত হয় ৷ এনে স্থলত বালিচাংতে অসম গ্ৰামীন বিকাশ বেঙ্কৰ গ্ৰাহক সেৱা কেন্দ্ৰ এটি মুকলি হোৱাত ৰাইজৰ যথেষ্ট কষ্ট লাঘৱ হব বুলি ধাৰনা কৰা হৈছে ৷


Leave A Reply