Breaking

আন্তঃৰাষ্ট্ৰীয় অনলাইন নৃত্য প্ৰতিযোগিতাত ‘অসম মাধুুৰী’ উপাধি মাজুলীৰ কনমানি বৈষ্ণৱী ভূঞাৰ

0 2,152

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টিৰাজীত থকা বিশ্বজনীন ভাৱ ধাৰাৰে সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰাৰ নিদৰ্শন এতিয়াও হেৰাই যোৱা নাই। মাজুলীৰ কণমানি শিল্পী বৈষ্ণৱী ভূঞাৰ সত্ৰীয়া নৃত্যই  তাকেই প্ৰমাণিত কৰিলে।ক’ভিড সৃষ্ট পৰিস্থিতিৰ সময়ত ঘৰতে আৱদ্ধ বহু প্ৰতিভাৱান শিশুৱে প্ৰমান কৰিছে “দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই”।
ANASS INDIA’নামৰ সৰ্বভাৰতীয় সাংস্কৃতিক সংস্থাটোৱে আয়োজন কৰা World Dancer online international Dance contest 2021(season 4) ত ভাৰতৰ বাহিৰেও ইউ এছ এছ , অষ্ট্ৰেলিয়া , ইউনাইটেড কিংডম , কানাডা , চিংগাপুৰ , মালয়েছিয়া , ইউ এ ই আদি বহু কেইখন ৰাষ্ট্ৰৰ তিনি হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত তিনিটা শাখাত শাস্ত্ৰীয় নৃত্য, লোকনৃত্য, প্ৰাচীন আৰু  পাশ্চাত্য নৃত্যৰ বিষয়ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী বৈষ্ণৱী ভূঞাই  নিম্ন শাখাৰ  শাস্ত্ৰীয় নৃত্য বিষয়ত  অসমৰ পৰা প্ৰতিনিধিত্ব কৰি সত্ৰীয়া নৃত্যৰে শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে উক্ত সাংস্কৃতিক সংগঠনটোৱে আয়োজন কৰা প্ৰতিযোগিতাত অসমৰ ভিতৰত প্ৰথম স্থান , উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ পিছত সৰ্বভাৰতীয় শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  ভাৰতৰ ২০ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীৰ ভিতৰত স্থান পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল। সংগঠন টোৰ ফালৰপৰা বৈষ্ণৱীলৈ ‘অসম মাধুৰী’ উপাধি প্ৰদান কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাচীন কলাকেন্দ্ৰ চণ্ডীগড়ৰ পাঠ্যক্ৰমৰ আধাৰত  গোলাপ বৰুৱা বায়ন আৰু ভগৱান দাসৰ ওচৰত সত্ৰীয়া আৰু শাস্ত্ৰীয় নৃত্য শিক্ষা গ্ৰহণ কৰা বৈষ্ণৱী ভূঞাই উত্তৰ ভাৰতীয় শাস্ত্ৰীয়  সংগীতৰো ছাত্ৰী। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত  এগৰাকী সৰ্বভাৰতীয় কৰিয়গ্ৰাফাৰ, নৃত্য বিশাৰদ মংগলদৈৰ জনাৰ্দন ডেকা, লুইত কোঁৱৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যাপক অতুল ভূঞা আৰু উত্তৰ কমলাবাৰী সত্ৰৰ কৃষ্ণৰাম বৰবায়নে বিশেষ ভাৱে সহায় কৰিছিল।শিশু বিদ্যানিকেতন , কমলাবাৰীৰ সপ্তম মানৰ ছাত্ৰী বৈষ্ণৱী কমলাবাৰীৰ নিবাসী  মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু বিদ্যানিকেতনৰ আচাৰ্যা তথা অনাতাঁৰ শিল্পী, সংগীত বিশাৰদ মালতী ভূঞাৰ কন্যা। মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ তিথি, সুধাকণ্ঠৰ জন্মদিন তথা মাজুলী  জিলাৰ জন্ম দিনৰ মাহেন্দ্ৰ ক্ষণত বৈষ্ণৱীৰ এই সফলতাৰ বাতৰিয়ে  মাজুলীৰ সাংস্কৃতিক মহলত উৎসাহ বৃদ্ধি হোৱাৰ উপৰিও বিভিন্ন শিল্পী , সংগঠন আদিয়ে বৈষ্ণৱীক অভিনন্দন আৰু আশীষ প্ৰদান কৰিছে।

Leave A Reply