Breaking

মেঘালয়ত মৃত অৱস্থাত উদ্ধাৰ অসমৰ এগৰাকী ব্য়ক্তি…

0 73

বৃহস্পতিবাৰে নিশা মেঘালয়ত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় অসমৰ পৰা অহা এজন লোক ।

তথ্য অনুসৰি এজন মিন্টু বৰা নামৰ মৃত লোকজনৰ ঘৰ নগাঁও জিলাৰ অন্তৰ্গত বটাদ্ৰৱৰ কোহুআটোলি অঞ্চলৰ।

জানিব পৰা মতে, মিণ্টুৱে তিনিদিন পূৰ্বে চিমেণ্ট কোম্পানী এটাত নতুন চাকৰিৰ বাবে নিজৰ ভায়েকৰ সৈতে মেঘালয়লৈ গৈছিল।

কালি নিশা তেওঁৰ কোম্পানীয়ে আবণ্টিত মেঘালয়ৰ কোৱাৰ্টাৰত উদ্ধাৰ কৰে তেওঁৰ নিৰ্জীৱ মৃতদেহ।

তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

ইফালে মিণ্টুৰ পৰিয়ালে অভিযোগ কৰিছে যে এই হত্যাকাণ্ডৰ আঁৰত ভায়েক আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে। অধিক বিৱৰণৰ বাবে অপেক্ষা কৰি আছে।

Leave A Reply