Breaking

অসম-মেঘালয় সীমান্তত শিক্ষানুষ্ঠানৰ অচলাৱস্থা দূৰীকৰণ

0 38

অসম-মেঘালয় সীমান্তৰ কামৰূপ জিলাৰ অন্তৰ্গত গাৰো মাধ্যমৰ শিক্ষানুষ্ঠানৰ অচলৱস্থা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বাবে আজি বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক আজি ছয়গাঁৱ শিক্ষা খণ্ডৰ প্ৰতিনিধি দল এটাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে অসম- মেঘালয় সীমান্তৰ  বকোৰ গোহালকোনা অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষকৰ সমস্যা দূৰ কৰিবলৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল ৷ তাৰে অংশ হিচাবে বিষয়া গৰাকীয়ে গাৰো সম্প্ৰদায়ৰ শিক্ষিত নিৱনুৱা যুৱক- যুৱতীক শিক্ষকৰ যোগ্যতা অৰ্জন কৰাবলৈ  বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ পদক্ষেপ লৈছিল ৷

যাৰ ফলশ্ৰুতিতে গাৰো সম্প্ৰদায়ৰ যুৱক- যুৱতীয়ে টেট উত্তীৰ্ণৰ ক্ষেত্ৰত লাভ কৰে বিশেষ সফলতা ৷ পিচে এই সাফল্যৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহনাৰ বাবেই আজি ছয়গাঁৱ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰশান্ত জগন্নাথ আৰু জেষ্ঠ গাণনিক বিষয়া তপন বৈশ্যৰ নেতৃত্বত শিক্ষা খণ্ডটোৰ বিষয়া- কৰ্মচাৰীৰ এটা সজাঁতি দলে জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক তেওঁৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ফুলাম গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জনায় ৷ উল্লেখ্য, গাৰো মাধ্যমৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ অভাৱৰ বাবে বকো সীমান্তৰ অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ হৈ পৰাৰ উপক্ৰম হৈ পৰিছিল ৷ পিচে এই সমস্যাৰ সমাধানৰ বাবে  জিলা প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে গ্ৰহণ কৰা ইতিবাচক পদক্ষেপৰ বাবেই অসম বিধান সভাই বিষয়া গৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ,ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু বকোৰ বিধায়িকা নন্দিতা দাসেও ইতিমধ্যে বিষয়া গৰাকীৰ শলাগ লৈছে  ৷

Leave A Reply