Breaking

ঋতুপৰ্ণ পেণ্ডৰ হত্যা কাণ্ডক গৰিহণা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ । পৰিয়ালক আৰ্থিক সাহাৰ্য্য প্ৰদানৰ দাবী ।

0 651

দলগাও : গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে  ঋতুপৰ্ণ পেগুক হত্যাকৰা ঘটনাক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পৰিয়ালৰ সদস্যক আৰ্থিক অনুদান দিয়াৰ দাবী জনাইছে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলি খলিফা আৰু সাংগঠনিক সম্পাদক ছফিকুল ইছলামৰ স্বাক্ষৰিত দিয়া এক প্ৰেছ বিবৃতিৰ জড়িয়তে জনাই যে  ঋতুপৰ্ণ পেণ্ডক দিন দুপৰতে গুৱাহাটী নুনমাটিত সাধাৰণ কথাৰ কাজিয়াত বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰে। মহানগৰীৰ মাজমজিয়াত দিন দুপৰত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হোৱাটোৱে মহানগৰীৰ নিৰাপত্তাৰ দিশত ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি অভিযোগ উত্থাপিত কৰে সংগঠনৰ নেতৃদ্বয়ে। আনহাতে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত যুৱকসকলক নুনমাটি আৰক্ষীয়ে তাৎক্ষণিকভাৱে  গ্ৰেপ্তাৰ কৰাৰ বাবে  শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখালৈ উক্ত হত্যাকাণ্ডৰ তদন্তৰ অৰ্পণ কৰা বাবে ধন্যবাদ জনায়। আৰ্থিকভাৱে জুৰুলা নিহত ঋতুপৰ্ণ পেণ্ডৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি প্ৰদান কৰাৰ লগতে ১৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। সংগ্ৰাম পৰিষদৰ সাংগঠনিক সম্পাদক ছফিকুল ইছলামে কয় যে একাংশ বিজেপি কৰ্মীয়ে এই হত্যাকাণ্ডক হিন্দু মুছলিমৰ ৰূপ দিবলৈ এক ভাতৃঘাটি সংঘাত লগাই নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা কৰি আছে। দুস্কৃতিকাৰীৰ কোনো জাতি নাই কোনো ধৰ্ম নাই। এটা জনগোষ্ঠীক টাৰ্গেট কৰি কথা নকবলৈ সকীয়াই দিয়ে সংগঠনটোৰ নেতা জনে।  হোজাই বিধায়ক শিলাদিত্য আৰু সত্যৰঞ্জন বৰাক উভতি ধৰি কয় যে চিলাপথাৰৰ এগৰাকী চৈধ্য বছৰীয়া মৃত ছোৱালীক গাঁতৰ পৰা উলিয়াই আনি অকণ শইকীয়া নামৰ লম্পটটোৱে যে ধৰ্ষণ কৰিছিল সেই সময়ত নিমাত আছিল কিয় বুলি প্ৰশ্ন উত্থাপন কৰে। অসমীয়া জাতিৰ ৰক্ষক বুলি সদায় চিঞঁৰি ফুৰা নেতা দুজনে  অভিজিৎ আৰু নিলোৎপল হত্যাকাণ্ডৰ সময়ত ক’ত লুকাই আছিল বুলি সমালোচনা কৰে নেতাদ্বয়ে। নিৰ্দিষ্ট এটা জাতিক টাৰ্গেট কৰি সমালোচনা কৰাতকৈ নিৱনুৱা যুৱক-যুৱতীৰ সপক্ষে থিয় দি দেশ তথা সমাজক আগুৱাই লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাদ্বয়ে।

Leave A Reply