Breaking

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান

0 1,327

নলবাৰী : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৰভাগ আঞ্চলিক সমিতিৰ অন্তৰ্গত বাংনাবাৰী শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান। বাংনাবাৰী শাখা সমিতিৰ উপদেষ্টা তথা আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক জিয়াউল ৰহমানে আঁত ধৰা আৰু বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদৰ সভাপতিত্ব অনুষ্ঠিত কৰা উক্ত সভাত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শাখাৰ অন্তৰ্গত ৭ গৰাকী কৃতী শিক্ষাৰ্থী ক্ৰমে আছফী আম্মাচ, আচিফ আখতাৰ, ৰিজুল আলী, ৰিজুল আহমেদ, ৰঞ্জুমা বেগম, পাকিজা বেগম আৰু ইমৰাজুল হ’কক গামোচা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সম্বৰ্ধনা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি বিশেষ বক্তৱ্য প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চন্দন কলিতা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতা, সাধাৰণ সম্পাদক নিৰোদ দাস, সামাজিক ব্যক্তি ৰফিকউদ্দিন চৌধুৰী আৰু হাতিম আলীয়ে। ছাত্ৰ-ছাত্ৰী সকলক সফলতাৰ এই ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে অনাগত সময়ত অহো-পুৰুষাৰ্থ কৰিবলৈ আহ্বান জনোৱাৰ লগতে সময়ৰ সৎ ব্যৱহাৰ কৰি সৎ কামত জড়িত হৈ গভীৰ অধ্যয়নত ব্ৰতী হৈ নিজকে মানৱ সম্পদ হিচাপে গঢ় দিবলৈ আহ্বান জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানটো পৰিচালনা কৰাত আগভাগ লয় বাংনাবাৰী শাখা সমিতিৰ সভাপতি ইমাদাদুল হ’ক, সাধাৰণ সম্পাদক দ্বীপজ্যোতি দাসৰ লগতে সকলো সদস্যই।

Leave A Reply